হৃদয়ৰ সংগী- চাহিদা বেগম

©Admin
0
আকৌ লগ পাব বিচাৰোঁ তোমাক আগৰ দৰে,
সময়ৰ লগত যেন তুমিয়ো সলনি হ'বা
কেতিয়াও নাছিলোঁ ভবা!
এতিয়াও সময় আছে...  
আহা না এবাৰ কাষলে
কৰিছিলোঁ যদি কিবা ভূল তেনেহ'লে কোৱাচোন, 
সন্মুখলে এবাৰ আহি কোৱা কিয় আঁতৰি গ'লা!
কোনো কামতে বাধা দিয়া নাছিলোঁ 
ভাবিছিলোঁ মুক্ত আকাশখন তুমিও উপভোগ কৰা
মুক্ত আকাশত বিচৰণ কৰি যেন তুমি মোৰ পৰা পলাই যাবা সপোনতো এবাৰ নাছিলোঁ ভবা!
হাজাৰ টুকুৰা কৰি থৈ গ'লা মোৰ হৃদয়খন
কেনেকৈ জোৰা লগাম বাৰু তোমাৰ অবিহনে!

সহজতে দিয়া নাছিলোঁ তোমাক মোৰ হৃদয়খন,
ভাঙি থৈ যাবা বুলি
যিটো ভয় প্ৰথমতে লাগিছিল শেষত তুমি বাস্তৱত দেখুৱাই গ'লা। 
হৃদয়ৰ সংগী যদি হ'বয়ে নোৱাৰা
তেনেহ'লে কিয় প্ৰেমৰ নাটক কৰিলা!
কিয় মোৰ হৃদয়খন ভাঙি থৈ গ'লা??

সহজতে বিশ্বাস কৰিব নালাগে 
মোৰ নিচিনা অনেক মানুহৰ ভংঙ্গ কৰে হৃদয়খনক এনে লোকে। 
তুমি মোক সহজতে পাহৰি যাবা চাগে!
মই যে পাহৰিব নোৱাৰোঁ সেয়া জানানে তুমি
আকৌ এবাৰ আহানা!

সৰু সৰু কথাতে খং কৰি আঁতৰি যোৱাকে প্ৰেম নকয়
সৰু- ডাঙৰ সকলো কথাকে বুজিব পৰাটোহে প্ৰেম 
সময়ৰ লগত সলনি হ'ব নালাগে, 
সময়ৰ লগত নিজকে খাপ খোৱাব লাগে, 
পৰিস্থিতিবোৰ অকণমান বুজিব লাগে। 
আহা আকৌ পুনৰ নতুন জীৱন আৰম্ভ কৰোঁ। 
আগৰ দৰে পুনৰ কথা পাতোঁ
আকৌ লগ পাব বিচাৰো তোমাক আগৰ দৰে।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)