শৰতৰ শেৱালি,
সেমেকা শীতল বতাহ জাকে
কিনো খেলা কৰে।
নীলিম আকাশী তৰাই
তিৰ-বিৰাই,
মাজ নিশাত সপোন সৰায়
কিনো সৰগৰ মণ্ডৱ সাজে।
জোনাক নিশাৰ
ৰিণি-ৰিণিকৈ,
মলয়া পাহাৰ জুৰিটিৰ উল্লাসত
চৰাই - চিৰিকটিয়ে কিনো মৌ মিঠা মাতে।
কি যে আকলুৱা মোহনীয়া ক্ষণ
থৌকি - বাথৌ কৰে মন।
শ্যামলী বননিত
নিয়ৰৰ মুকুতাই,
শেৱালী পাহিত,মিচিকিয়াই হাঁহি
কিনো উন্মনা হৃদয়ত
চিত হয় ব্যাকুল।
লেখাটো অতি সুন্দৰ ভাবে প্ৰকাশিত কৰি দিয়াৰ বাবে বহু বহু ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে।
ReplyDeleteঅতি সুন্দৰ কবিতা। ভাল লাগিল
ReplyDelete