যেতিয়া বিলুপ্তিৰ পথত গতি কৰে,
সমস্যাবোৰে তেতিয়া নিদিষ্ট সীমা অতিক্ৰম কৰে।
মুখৰ মিছাঁ হাঁহিবোৰ কান্ত হৈ পৰে,
দিন-ৰাতি অনুভৱ কৰা ক্ষমতা
মনৰ পৰা আঁতৰি যায়।
দুচকুৰে দেখা ৰঙীণ সপোনবোৰ নিমিষতে শেষ হৈ যায়।
জীয়াই আছোঁ বুলিও মৃত্যু অনুভৱ হয়
জীৱন্ত মৃতদেহৰ দৰে!
কাৰোঁ জীৱন কেতিয়াও কাৰোঁ পৰিকল্পনা মতে নচলে।
যেতিয়া নিজৰ জীৱনৰ সমস্যা নিজে সমাধান কৰিব নোৱাৰে,
তেতিয়া বহু কষ্টৰে সজাই তোলা সপোনবোৰ জীয়াই নাথাকে।
মূহুৰ্ততে মনৰ আৱেগৰ সমুদ্ৰৰ অস্তিত্ব হেৰুৱাই পেলায়।
তথাপিও সেই অটল সমুদ্ৰৰ পৰা এটা সময়ত নিজেই উঠি আহিব লাগে।
সদায় আমাৰ কাষত থকা বুলি কোৱা মানুহবোৰ তেতিয়া ওচৰত নাথাকে।
নিজৰ সমস্যাৰ সৈতে মোকাবিলা নিজেই কৰিব লাগে,
বাকীবোৰে গল্প হে বিচাৰে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ