হালধীয়া ফুলৰ হাঁহি-মিন্টু গোৱলা

©Admin
0
সোণৰ হাঁহিক মুচি আহে 
এটি নতুন হাঁহি 
সেউজীয়া
বনৰ ৰাণী হৈ সেউজ কৰি 
তোলে উদং পথাৰ খনক ।
সেউজ ৰাণীৰ মুখত 
আকৌ
এটি হালধীয়া বৰণ সানি দিয়ে।
মন ভৰা পথাৰ খনত 
সেউজীয়াৰ
মাজত যেন লুকাই থাকে,
হালধীয়া ফুলৰ এটি হাঁহি ।
হালধীয়াই পথাৰখন জিলিকাই ৰাখে ।
হিয়া ভৰা সুন্দৰ দৃশ্য চাই মনত পৰে 
আপোনজন লৈ ,
যেন হালধীয়া ফুলবোৰৰ মাজত
মোৰ আপোন লুকাই আছে ।
মই কেতিয়াবা খেদি যাওঁ হালধীয়া ফুলবোৰৰ
মাজত যেতিয়া মোলৈ চাই বতাহ হালি জালি হাউলি যায় ফুলবোৰ ,কিজানি বিচাৰি পাওঁ আপোন জনৰ মুখৰ হাঁহিটি ।
কতচোন ?
দেখাই নাপাওঁ। 
 মই পুনৰ উভতি আহোঁ ।
মনৰ মাজত 
কিবা কথাই বৰকৈ খুন্দিয়াই থাকে,
সেই হালধীয়া ফুলবোৰ চালে ।
নাজানো কি ?
কথাই  বৰকৈ  মোক খুন্দিয়াই মাৰে।
উওৰ বিচাৰি আপোনজনক বাৰে বাৰে  বিচাৰো 
কিন্তু দূৰণিত থকাৰ বাবে আপোনজনৰ উওৰ ও
নাপাওঁ বিচাৰি ।
হালধীয়া ফুলৰ সৈতে কথা পাতো 
হালধীয়া হাঁহিত  বিচাৰি পাওঁ আপোন জনক
হালধীয়াই  মোৰ আপোন হাঁহি ,
হাঁহিৰ মাজত আপোন জন বিলীন হৈ আছে ।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)