বিস্ফোৰণ-ৰজনী কুমাৰ ডেকা

©Admin
0
আবেলিৰ অৰ্ধাস্ত বেলিটিয়ে 
দুটি নয়নক 
পলকতে কাজল সানিলে ।
 তাকে চাই
ৰঙা নীলা চৰাই জাকেও 
বেগেতে ডেউকা মেলিলে । 
নাৱৰীয়া তই ইপাৰতে ৰৈ থাকিলি , 
চেকুৰা চেকুৰ পোহৰৰ বিশাল 
নৈখনৰ বুকুত 
নিৰাশ্ৰয়ে তোক 
জীৱন উদঙাব। 
বল নাৱৰীয়া তই ঘৰলৈ বল, 
হৃদয়ত প্ৰতিটো পলতে স্পন্দন 
জাগে, 
চকুৰ নিগৰা লোটক বোৰ 
অৱৰোধৰ নহয়। 
জীৱন যুদ্ধৰ বৰ্ণহীন প্ৰশিক্ষণত 
এন্ধাৰ নামিছে যেতিয়া সুৰুয 
উদয় হব, 
বল নাৱৰীয়া তই বেগেতে বল। 
তোৰ হৃদয়ঙ্গম গীত বোৰে
মোৰ হৃদয়ৰ 
ৰন্ধ্ৰে ৰন্ধ্ৰে  
কন্দুৱাই 
তোলে। 
আৰু গীত নুজুৰিবি নাৱৰীয়া কাই
আৰু এনে গীত নুজুৰিবি, 
পাৰিলে বিসাদৰ গীতবোৰ 
এই বেলিকাতে বিসৰ্জন দিবি। 
কাইলৈ বেলিটি ওলাব 
এক নতুন দিগন্তৰ 
পাতনি মেলিব, 
সুগন্ধি বোৰ ফুলি উঠিব, 
আন এটি পৃষ্ঠা আৰম্ভণি হব। 
বল নাৱৰীয়া তই সিপাৰলৈ বল। 

              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)