কেৱল তুমি -আশ্বিকুৰ ৰহমান

©Admin
0
মোৰ বসতি 
তুমিময় এক পৃথিৱীত ।
উপলব্ধিত মিহলি হৈ আছা তুমি ,
সুখ-দুখৰ অনুভৱত
ভৰাই ৰাখিছা তুমি,
ভিতৰত-বাহিৰত,
আষ্ঠে-পৃষ্ঠে
সাৱটি ৰাখিছা তুমি,
আগফালে-পিছফালে,
সোঁৱে-বাঁৱে,
যিফালেই চাওঁ ,
কেৱল তুমি আৰু তুমি ।
প্ৰভাতত,নিশাত,
জাগৰণত,সপোনত,
আৱৰি থাকা কেৱল তুমি।
উসাশত,নিঃসাশত,বিশ্বাসত,
কেৱল তুমি, তুমি আৰু তুমি।
হৃদয়ত,কলিজাত,
সকলোতে মিহলি
একাকাৰ হৈ আছা
কেৱল তুমি,তুমি 
    আৰু তুমিয়েই।
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)