তোমাৰেই অজ্ঞাতে,
বহু আলাসতে
গুজিছিলোঁ এপাহি ৰঙা গোলাপ
মোৰ সাহস নাছিল,
তোমাক ক'বলৈ
সামৰ্থও নাছিল,
তোমাক দিবলৈ ।
আছিলে মাথো শূন্যতাৰ প্ৰলাপ।
কল্পনাৰ আৱেষ্টনিত ৰাখি সযতনে
ৰচিছিলোঁ স্বপ্ন কত
অতি সংগোপনে ।
হৃদয়ত অংকিত বিগ্ৰহ তোমাৰেই
সেইয়া বাৰু জানে
কিমান জনে ?
তুমি যে আছিলা মোৰ স্পৰ্শৰ উৰ্দ্ধত
তথাপিতো আছিল চুবৰ মানসিকতা,
তীৰ্যক নেত্ৰে চাইছিলোঁ তোমালৈ
জুখিম বুলি তোমাৰ বুকুৰ গভীৰতা।
তেনে সময়তে,
মোৰে অজানিতে
উৰি আহিল এটি চতুৰ মৌপিয়া,
মিছা প্ৰতিশ্ৰুতিৰ মালাধাৰি পিন্ধালে
সি যে আছিল ধূৰ্ত কপটিয়া।
কপটীয়াৰ চাতুৰ্যতাত
নিজকে পাহৰি
খোপাত গুজা মোৰে গোলাপ পাহিক
তুমি পেলালা আজুৰি।
সেই পাহি গোলাপক থৈছোঁ যতনাই
কাহানিবা লগ পালে দিম যে পিন্ধাই।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ