প্ৰেমৰ সময়-আলতাব হুছেইন

©Admin
0
মোৰ হৃদয়ৰ যন্ত্ৰণাৰ অনুভৱবোৰ
তোমাক জনাবলৈ
কোনো নিৰ্দিষ্ট সময় নালাগে ,
লাগে মাথোঁ তোমাৰ পৰা
অলপমান মৰমৰ সঁহাৰি।

তোমাক সুখী কৰিবলৈ 
জীৱনৰ প্ৰতিটো সময়
মোৰ বাবে প্ৰেমৰ সময়।

প্ৰেমৰ বাবে জানো
কোনো নিৰ্দিষ্ট সময় থাকে
মনৰ পৰা মনলৈ যোৱা
মৰমৰ সাগৰখনত 
নিজৰ অজানিতেই জাগি উঠে
প্ৰেম নামৰ এক স্বৰ্গীয় অনুভূতি।

সেয়ে মোক নালাগে 
প্ৰেমৰ বাবে এক নিৰ্দিষ্ট সময়
তোমাৰ মোৰ হৃদয়ৰ মিলন পথত
মোৰ বাবে প্ৰতিমুহূৰ্তেই এটি প্ৰেমৰ সময়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)