শৰতৰ মায়া-ফখৰুদ্দিন আলি আহমেদ

©Admin
0
আৰ্তনাদী শৰতৰ বিদায়ী ক্ষণত
প্ৰকৃতিৰ তোষামোদী ক্ৰন্দন, 
পংকিল অক্টোপাছৰ ৰ্দুগন্ধ পাহৰি
আজি বোৱাই দুখৰ প্লাৱণ। 
স্বৰ্ণলতাৰ কুটিলতাত ধ্বস্ত বিৰিখৰ
চকলো টোপাটোপে সৰে,
সেউজ ব্যঞ্জন সুস্বাদু ৰন্ধন
ৰঘুমলাই ভোজন কৰে। 
শৰতৰ বিদায়ত সন্ত্ৰস্ত শেলাই
লম্ভিছে নৰিয়াৰ চিন, 
সোণালী শাৰীৰ আভ্ৰুতা এৰি
নাঙঠ হোৱাৰ দিন। 
গাভৰু জলাশয়ে জুৰিছে ৰোদন
মৰুয়ে মাৰিছে বাণ, 
শৰতী সখীৰ বিদায় বেলিকাত 
শুষ্কতাই কাঢ়িব প্ৰাণ। 
আলহী পখীৰ বিৰহী গীতত
আজি নিস্তব্ধ ৰজনী, 
সেন্দুৰীয়া ওঁঠৰ স্পৰ্শৰে কাতৰ
তৃষ্ণাতুৰ নিৰ্লজ্জ পানী। 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)