ফেচবুকৰ পৰা-বিফলতাক ধন্যবাদ,মই যদি SI পৰীক্ষাত বিফল নহ'লোহেতেন তেন্তে মই আজি APSC পৰীক্ষাত সফলতা লাভ নকৰিলোহেতন | অংকৃত শইকীয়া

Rinku Rajowar
0
সচৰাচৰ মানুহে বিফলতাক ভয় কৰে আৰু ইয়াৰ মূখামূখি হ’ব নিবিচাৰে। আৰু মানুহে যেতিয়া বিফলতাৰ সন্মূখীন হ’য়, তেতিয়া প্ৰায়ে ভাগি পৰে। কিন্তু মই ভাবো যে মানুহে বিফল হোৱাৰ পাছত এনেদৰে কস্ট কৰিব লাগে যাতে এনেকুৱা এটা দিন আহে, যিদিনা মানুহে সেই বিফলতাক ধন্যবাদ দিয়াৰ সুযোগ পায়।

২০২১ চনৰ জানুৱাৰী মাহ। অসম পুলিচৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা পাছ কৰাৰ পাছত মই শাৰীৰিক পৰীক্ষাৰ কাৰণে কঠোৰ অনুশীলন কৰি আছিলো। দিনে দুবাৰকৈ দৌৰো, জাপ মৰাৰ অনুশীলন কৰো। কিন্তু পৰীক্ষাৰ প্ৰায় দহদিন আগত মোৰ অসহ্য পেটৰ বিষ আৰু বমি হ’ল। হস্পিটেল গ’লো, পেইনকিলাৰ আৰু চেলাইন ল’ৱ লগা হ’ল। তিনিদিন পাছত আকৌ অনুশীলন আৰম্ভ কৰিলো যদিও সময়ত দৌৰ শেষ কৰিব নোৱাৰিলো।

২০২১ চনৰ ২ ফেব্ৰুৱাৰী। প্ৰায় ১৮ চেকেণ্ড সময়ৰ কাৰণে মই দৌৰ পাছ নকৰিলো। বহুত দূখ লাগিল। ঘৰ আহি অলপ কান্দিলো। বহুত মানুহে কিবাকিবি কথা শুনালে। ‘সাধাৰণ দৌৰ এটাকে মাৰিব নোৱাৰিলি কাম নাই তোৰ’, ‘বাদ দে এইবোৰ চাকৰিৰ ধাণ্ডা’, ‘এনেই বডি বনালি’…। 
Labour Inspector-অংকৃত শইকীয়া
৪ ফেব্ৰুৱাৰীৰ দিনা APSC ৰ কাৰণে দৰকাৰ হোৱা কিতাপ খিনি কিনিলো। ৫ ফেব্ৰুৱাৰীৰ পৰা পঢিবলৈ আৰম্ভ কৰিলো। প্ৰথম Prelims, তাৰপিছত mains আৰু তাৰপিছত interview। ডেৰবছৰৰ এই সময়ছোৱাত মাজত বহুত উঠা-নমা ঘটিল, মাজে মাজে ভাগি পৰিছিলো, কিন্তু চেস্টা এৰি নিদিলো। অৱশেষত সদ্যঘোষিত APSC CCE 2020 পৰীক্ষাত শ্ৰম পৰিদৰ্শক (Labour Inspector) ৰ দ্বিতীয় স্থান পাবলৈ সক্ষম হ’লো।

মই যদি SI পৰীক্ষাত বিফল নহ’লোহেতেন, মই কেতিয়াও আজি এই স্থান নাপালোহেতেন, কাৰণ মোৰ APSC দিয়াৰ একো প্লেন নাছিল। ১৮ চেকেণ্ডৰ বিফলতাই মোৰ আজি জীৱন সলাই দিলে।


সংগৃহীত - ফেচবুকৰ পৰা 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)