শ্ৰী কৃষ্ণৰ ৰাসলীলা- ৰণজ্যোতি নাথ

©Admin
0
“আহা সখি আহা বাই

বৃন্দাৱনে যাঁও,

বজাইছে মোহন বংশী

নয়ন ভৰি চাঁও”।

ৰাস হৈছে অসমত পালন কৰা এক অন্যতম উৎসৱ। শৰৎ কালৰ পূৰ্ণিমা তিথিত ৰাস অনুষ্ঠিত কৰা হয়। সাধাৰণতে ৰাস কাতি-আঘোণ মাহত উদযাপন কৰা হয়। জনশ্ৰুতি মতে- শ্ৰী কৃষ্ণই ৰাধা আৰু ষোল্লশ গোপীসকলৰ সৈতে বৃন্দাবন ৰাস নৃত্য কৰিছিল। শ্ৰী কৃষ্ণৰ বাঁহীৰ মাত শুনি গকুল বৃন্দাৱনত থকা গোপীসকলে হাতৰ কাম মাটিত পেলাই কৃষ্ণৰ লগত নৃত্য কৰিবলৈ দৌৰি আহিছিল। ৰাধায়ো শ্ৰীকৃষ্ণৰ বাঁহীৰ মাত শুনি ধপলিয়াই আহিছিল নৃত্য কৰিবলৈ। শ্ৰী কৃষ্ণ বৃন্দাৱনৰ সকলো গোপীৰ বাবে আদৰৰ আছিল।সকলো গোপীয়েই তেওঁক ভাল পাইছিল। সেইকাৰণে শ্ৰী কৃষ্ণৰ লগত নৃত্য কৰিবলৈ ষোল্লশ গোপী আহিছিল। ইংৰাজীত সেইকাৰণে “Dance of Divine Love” বুলি ৰাসলীলা কোৱা হয়। অৰ্থাৎ স্বৰ্গীয় প্ৰেমৰ অনুভূতি।

     শ্ৰী কৃষ্ণই বঁকুল গছৰ তলত বহি বাঁহী বজাইছিল।ৰাধা আৰু গোপীসকলে মিলি কৃষ্ণৰ লগত নৃত্য কৰি থাকোতেই শংঙ্খচুড় নামৰ অসুৰটো আহি গোপীসকলক ভয় খুৱাইছিল। গোপীসকলে ভয়ত শ্ৰী কৃষ্ণৰ কাষ চাপিছিল। শ্ৰী কৃষ্ণই শংঙ্খচুড়ৰ লগত যুদ্ধ কৰি শংঙ্খচুড়ক বধ কৰি গোপীসকলক ৰক্ষা কৰিলে অসুৰৰ কবলৰ পৰা।

     এই ৰাসলীলাত শ্ৰীকৃষ্ণৰ বাল্যকালো প্ৰদৰ্শন কৰা হয়।যিটোত শিশু কৃষ্ণই পুতনা ৰাক্ষসীক বধ কৰিছিল। পুতনাই নিজন স্তনত বিষ দি কৃষ্ণক খুৱাই মাৰিবলৈ বুদ্ধি কৰিছিল। কিন্তু কৃষ্ণই পুতনাৰ স্তনত কামুৰি দি গাৰ ওপৰত উঠি পুতনা ৰাক্ষসীক বধ কৰিছিল। ইয়াৰ জৰিয়তে শিশু কৃষ্ণকো বিশেষ শক্তিৰ আধাৰ বুলি চিহ্নিত কৰা হৈছে। এই সকলো বিলাক দৃশ্য শ্ৰীকৃষ্ণৰ ৰাসলীলাত উপস্থাপন কৰা হয়।

     অসমৰ সত্ৰ নগৰী মাজুলীতো শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ পতা হয়। মাজুলীত ৰাস চাবলৈ দেশ-বিদেশৰ পৰ্য্যটকৰ সমাগম হয়। সেইকেইদিন মাজুলীত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈ থাকে। মাজুলীত ৰাস বৰ ধুনীয়া হয়। মাজুলীৰ ৰাসত মূখা শিল্পৰ প্ৰদৰ্শন কৰা হয়।

     তাৰোপৰি অসমৰ বিভিন্ন ঠাইত শ্ৰী কৃষ্ণৰ ৰাস উৎসৱ পতা হয়। এই উৎসৱত গাওঁৱে-ভূঁঞে সকলোতে কণ-কণ লʼৰা-ছোৱালীয়ে কৰা নৃত্য চাবগলীয়া হয়। সকলোৱে নৃত্য উপভোগ কৰি আনন্দ লাভ কৰে।

     গতিকে শ্ৰী কৃষ্ণৰ ৰাসলীলা অসমৰ এক অন্যতম প্ৰধান উৎসৱ। এই উৎসৱ উজনিৰ পৰা নামনি অসমৰ সকলো ঠাইতে উদযাপন কৰা হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)