ইতিহাস পঢ়ো আহক- অনন্ত কুমাৰ ভূঞা

©Admin
0
বুঢ়া লুইত খনৰ কাষলৈ এদিন
চ্যাওলুং চ্যুকাফা নামৰ পাহুৱাল ডেকাই
পাটকাই পাহাৰ বগাই 
ভৰি থৈছিল তাহানিৰ অসম ভূমিত।

স্বদেশৰ মোহ এৰি থৈ
গজালি গজালে আহোম ৰাজ্য অসম ভূমিত
বহু জাতি উপজাতি নানা জাতি জনজাতি
একতাৰ দোলেৰে বান্ধি
বৰ অসমত গঢ়িলে জাতি অসমীয়া ।

সোণালী যুগৰ সৃষ্টি কৰিলে অসম ভূমিত
ইতিহাস সাক্ষী হৈ ৰ'ল 
আহোম ৰজাৰ ৰাজত্বৰ কালতে 
মহাপুৰুষ শঙ্কৰদেৱ জন্ম হৈছিল এই ভূমিত।

ব্ৰজাৱলী ভাষা অনুপম সৃষ্টিৰে কৃষ্টি ৰচিলে
সমন্বয়ত সেতু গঢ়িলে পূণ্য ভূমিত 
ইয়াণ্ডাবু সন্ধিৰ চৰ্তৰ দাবীদাৰ হৈ
বৃটিছে এদিন দখল কৰিছিল অসম ভূমি
পৰাধীনতাৰ গ্লানিৰে দেৱলীয়া হ'ল জাতি।

খৃষ্টধৰ্মৰ বাণী লৈ 
নাথান ব্ৰাউন আৰু ব্ৰণচন চাহাব আহিছিল
স্থানীয় ভাষা সংস্কৃতিত বিলীন হৈ 
ক্লান্তহীন প্ৰচেষ্টাৰে ভাষাৰ অভিধান আৰু ব্যাকৰণ উপহাৰ দিলে অসমীয়া জাতিক ।

সময় বাগৰিল 
ভাৰতবৰ্ষই স্বাধীনতাৰ সোৱাদ লভিলে 
ভাষাৰ ভিত্তিত ৰাজ্য গঠন হ'ল
বৰ লুইত সাক্ষী হৈ ৰ'ল
ভাষা জীয়াই ৰখাৰ সংগ্ৰাম চলিল
বহুজন স্বহীদৰ তালিকাত ৰ'ল ।

ৰাজনীতিৰ মেৰপাকত গোষ্ঠি দণ্ড বাঢ়িল
বৰ অসম টুকুৰা টুকুৰ হ'ল 
ৰাজ্য ভাষা অসমীয়া এলাগী হৈ ৰ'ল 
ইতিহাস সাক্ষী আজি জাতিৰ বাবে
প্ৰাণত খোদিত হ'ল
চিৰ চেনেহী ভাষা অসমীয়া।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)