লিখিবলৈ শব্দৰ অভাৱ;
কাগজৰো নাই প্ৰয়োজন,
নাই কোনো কল্পনাৰ প্ৰভাৱ।
চকুৰ লোতকেৰে লিখিম কবিতা,
শব্দ হ'ব মোৰ বুকুৰ ধপ ধপনি;
ছন্দে ছন্দে প্ৰবাহিত হ'ব য'ত,
মাথো বিৰহ মন্দাকিনী।
সৃষ্টি হ'ব অজস্র কবিতাৰ,
ছন্দ বিহীন শব্দৰ মায়াজাল;
মোৰ নিজস্বতাই হাবাথুৰি খাব;
হৃদয়ে মাৰিব নিতাল।
মোৰ নিগৰিত চকুলোৰ
প্ৰতিটো টোপালে,
সাজিব কবিতাৰে শৰাই;
মোৰ নিশ্বাসৰ ঢাকনিৰে ঢাকি,
বুকুচাতে ৰাখিম লুকুৱাই।
মোৰ জীৱনৰ উকা পাতবোৰ,
আকৌ এবাৰ বিচাৰি চাম;
বিদায় বেলিকাত তোমাৰেই নামটো
তাতে মই লিখি থৈ যাম।
✍️ফখৰুদ্দিন আলি আহমেদ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ