আদৰিছা বাতুল্য জীৱন,
নিজকে ঘহিছা, নিজকে পিহিছা
সাজিবলৈ আনৰ প্ৰসাদন।
তোমাৰ পাতৰ প্ৰয়োজন সিহঁতৰ
পুষ্পৰ প্ৰয়োজন নাই,
বৃথা স্নেহত হাতত বুলাই লৈ
পলকতে ধুই আতৰায়।
আনৰ দৰে তোমাকো চেপিলে
শ্যামলী শোণিতেই বব,
ত্যাগী নিজ ধৰ্ম হৈ দাতা কৰ্ণ
নিজলৈ কিনো থ'ব?
ৰাঙলি চকুলোৰে বাচিছা ফুল
আনক দিবলৈ সুখ,
তৰ্পন মাদকতাত ডুবিছা যদিও
পাইছা কেৱল দূখ।
সৰ্বস্ব উজাৰি আঁকিছা আল্পনা
কেৱল অৰুণিমাৰ সমাহাৰ,
শ্যামলিমাৰ গৰিমাক অৱজ্ঞা কৰি
লালিমাকে কৰিছা সাকাৰ।
🖊ফখৰুদ্দিন আলি আহমেদ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ