নাৰীৰ জীৱন-আব্দুল কাদেৰ মিঞা

Rinku Rajowar
0
শৈশৱকাল ভাল আছিল
মাতৃৰ চাউনিত  
কৈশোৰকাল শেষ হ'ল
কিতাপৰ লগত । 
যৌৱনত আহি পৰিল বাধা
এৰিলোঁ দেউতাৰ ঘৰ ।
ৰঙীণ সাজোনত মোক কিয় 
কৰি আছো পৰ ।
পিছত শুনিলো মানুহৰ মুখত 
স্বামীৰ সংসাৰ দামী 
এই পৃথিৱীত নাৰীৰ ওচৰত
শ্ৰেষ্ঠ প্ৰিয় স্বামী।
দেউতাৰ ঘৰত জন্ম
শহুৰেকৰ ঘৰত চিতা
দুই পৃথিৱীত বসতি 
জীৱন হ'ল আধা ।
বয়স বাঢ়িল আইতা হলো
আমাৰ মাইনা  হ'ল মা।
জীৱন যাত্ৰা বৰ কঠিন
আগত বুজা নাই।
মা হেৰাল দেউতা হেৰাল
হেৰাল প্ৰিয়জন 
শেষ মূহুৰ্তত কাষত কোনো নাথাকিল।
সপোন দেখিছোঁ ডেউকা লগাই
নীল আকাশত উৰিম
কৰ্তব্যৰ ওচৰত 
ডেউকা ভাঙিল।
সুখ বিচাৰি দুখৰ লগত
সদায় সংগ্ৰাম
ভক্তিৰ নামত শোষণ চলায় 
এয়াই মোৰ জীৱন।

🔳আব্দুল কাদেৰ মিঞা
দ: শালমাৰা মানকাচাৰ (অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)