আজিও সোমাই আছে
কোনোবাজনৰ হৃদয়ৰ কোনোবা কোণত ,
বিষাক্ত সেই গজালটো যে
তাৰ কাৰণেই
কলুষিত আজিৰ সমাজ ।
যিমানেই সি পুৰণি হৈ পৰিছে
সি যে আৰু শক্তিশালী হৈ পৰিছে ,
খুচি বিন্ধি শেষ কৰি পেলাইছে
মানৱতাৰ দুৱাৰদলি ।
মৃত্যুমুখী পচা সেই গজালটো
মৃতপ্ৰায় হৈয়ো দেখোন অমৰ ,
কাৰণ .. !
মানুহেই যে হেৰুৱাই পেলাইছে
মানুহৰ পৰিচয় ।
🅾️শ্ৰীমতী গায়ত্ৰী কোঁৱৰ
জিলা: ডিব্ৰুগড় ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ