ঘূৰি নাহিবা বিচাৰি
কি ঠিক সেই ভালপোৱা ছাগে
আনৰ হ'ব ।
অকালতে মৰহি যাব নিদিবা
সেই মৰম বোৰ,
যত্নৰে ভৰা সেই হাতখন
কাৰণ ভালপোৱাবোৰ
সকলোৱে নিদিয়ে
এই স্বাৰ্থ নিমৰ্জিত কংকীট সভ্যতাত ।
সেয়ে হেৰাই যাব নিদিবা ।
মগজুৰ তাৰনাত
শেষ হৈ কিয় যায় ভালপোৱা
জানানে !
হৃদয়ক সোধা
কিহৰ আকাংক্ষাত নষ্ট হয়
হালধীয়া হাঁহিবোৰ ?
সেয়ে কওঁ হেৰাই যাব নিদিবা
এই ভালপোৱাবোৰ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ