৩০ নৱেম্বৰ- ইতিহাসৰ পাতত আজিৰ দিনটো

Rinku Rajowar
0
🔴১৮৭৭ চনৰ আজিৰ দিনটোতে টমাছ আলভা এডিচন এ প্ৰথমবাৰৰ বাবে তেওঁৰ ফোনোগ্ৰাফ প্ৰদৰ্শন কৰে

🔴১৯১৭ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ লগত ৰাছিয়াৰ শান্তি আলোচনা আৰম্ভ হয় আৰু আন্তৰ্জাতিক ৰাজনীতিত নতুন পাক আৰম্ভ হয়।

🔴১৯৪৫ চনৰ আজিৰ দিনটোতে যুগোশ্লভিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা হয়।

🔴১৯৬১ চনৰ আজিৰ দিনটোতে আমেৰিকান মহাকাশ যানেৰে চিম্পাজী এনোছৰ পৃথিৱীৰ চৌপাশে দুবাৰ প্ৰদক্ষিণ কৰে। মহাকাশ বিজ্ঞানৰ ইতিহাসত ই এক তাৎপৰ্যপূৰ্ণ সংঘটন।

🔴১৯৮৮ চনৰ আজিৰ দিনটোতে বাংলাদেশত হোৱা প্ৰচণ্ড ঘূৰ্ণিত বতাহত বহুতো লোক নিহত হোৱাৰ লগতে বহুতৰে ঘৰ-দুৱাৰ ধ্বংস হয়।

🔴১৯৮৯ চনৰ আজিৰ দিনটোতে প্ৰধান মন্ত্ৰী পদৰ পৰা ৰাজীৱ গান্ধীয়ে পদত্যাগ কৰে।

🔴১৯৯০ চনৰ আজিৰ দিনটোতে ভাৰতীয় প্ৰযুক্তিবিদ্যাৰে নিৰ্মিত টেংক বিধ্বংসী ক্ষেপনাস্ত্ৰ নাগৰ সফল উৎক্ষেপণ কৰা হয়।

🔴২০১৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে একেলগে এটা উৎক্ষেপণেৰে মহাকাশত ৩১টা উপগ্ৰহ স্থাপন কৰি অভিলেখ গঢ়ে। সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা পুৱা ৯.৫৮ বজাত পি এছ এল ভি ৰকেটৰে(পি এছ এল ভি-চি ৪৩) এই অভিযান সম্পন্ন কৰা হয়।

🔴২০২১ চনৰ আজিৰ দিনটোতে যোৰহাট(অসম)ৰ মাজমজিয়াত ৫০-৬০ জনীয়া এদল উন্মুক্তলোকে খেদি খেদি মৰিয়াই আছু নেতা অনিমেষ ভূঞাক হত্যা কৰে। সমগ্ৰ অসমজুৰি আছুৰ ব্যাপক প্ৰতিবাদ।

🔴২০২১ চনৰ আজিৰ দিনটোতে ২৮ ফেব্ৰুৱাৰী ২০২১ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰা যোৰহাট-মাজুলী সংযোগী দলংৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)