সকলোতে এতিয়া সুলভ
মুখাপিন্ধা জীৱশ্ৰেষ্ঠ!
কোনোৱে যদি পিন্ধে মুখত
আন কোনোৱে আকৌ চকুত।
মুখত পিন্ধাবোৰ চকুৰে দেখে
কিন্তু মুখেৰে নামাতে ,
চকুত পিন্ধাবোৰে চকুৰেই নেদেখে
কিন্তু মুখেৰেও নামাতে ।
কৰাই কৰি যায়
চোৱাই চাই ৰয়
দুয়োৱে কাণেৰে শুনে
যদিও একো নুবুজে আৰু নকৰে ।
✍️ নবীন চন্দ্ৰ কুৰ্মী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ