মিনতি-মাৰ্জিনা বেগম

Rinku Rajowar
0
যি নিয়তি স্ৰজিলে মোক 
মিনতি কৰিছোঁ তেওঁক,
হৃদয় দাপোনত  তুমি  
 চোৱা এবাৰ চকু মেলি।

প্ৰতি পুৱা গধুলি তোমাক  সুৱৰি 
প্ৰেমৰ দুৱাৰ খুলি দিছোঁ ,
 নিৰলে আহি ৰোৱা 
শুৱনি কৰি  হৃদয় বননি ।

তোমাৰ  এই নীতি- নিয়ম 
তোমৰ এই মায়া সংসাৰ, 
শত জন্মৰ কলংক সানি 
 যুগ যুগান্তৰ নৰক যন্ত্ৰণা ভুঞ্জি .......
 জানো জানো  তুমি   উদাৰ 
 ক্ষমা কৰিবা আমাক ।

সৰু কৰি নিদিবা মোক 
হৃদয়ৰ পৰিসৰ , 
আপোন- পৰ , শত্ৰু-মিত্ৰ
 ঠাই পায় যেন সম  ।

নিন্দা নকৰে  ঈৰ্ষাই কৰে 
আনৰ সুখত সুখী হওঁ সদায়,
অশেষ দুখী তেওঁ, কান্দো মই 
 সৰু আত্মা  তাৰ ।

  ✍🏻মাৰ্জিনা বেগম ।
          বৰপেটা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)