বালিমাহিৰ কান্দোন-ফখৰুদ্দিন আলি আহমেদ

0
দুপৰ নিশাৰ জয়াল ৰাতিত
বালিমাহিজনীয়ে কান্দিছে,
হয়তো তাই আজি নিসংগী
নাইবা তাইৰ কণীবোৰ চুৰি হৈছে;
সেয়ে তাই আজি কান্দিছে। 
হয়তো তাইৰ বাহখন ভাঙিছে কোনোবাই, 
নতুবা পোৱালীবোৰ কৰিছে হৰণ;
বিনিদ্র ৰজনী তাইৰ নেযায় নুপুৱাই, 
সেয়ে তাই জুৰিছে ৰোদন। 
সৰ্বশ্ৰান্তই কোৱা কথাবোৰ, 
আজি তাইৰ বিলাপৰ ভাষা, 
বুকুৰ এচুকত সাঁচিথোৱা সপোনবোৰ
দুনাই দেখাৰ নাই যে আশা। 
ঠৰঙা জাৰৰ হীমচেঁচা বতাহত
কোনে দিব বুকুৰ উম? 
কোঙা শৰীৰৰ নিগৰিত চকুলোত,
তিতি গ'ল বুকুৰ নোম। 
জীৱনৰ শূন্যতাই খেদি আহে তাইক, 
অনাৱশ্যক দিনৰ বিনোদন, 
কাল অমানিশাৰ আন্ধাৰৰ ভয়তেই
হয়তো তাই জুৰিছে ৰোদন। 

✍️ফখৰুদ্দিন আলি আহমেদ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)