বৈধব্য-ছেলিমা বেগম

©Admin
0
ৰহিমলাই এমাহ ধৰি মদন চলিহা মহাজনৰ ঘৰলৈ বাটকুৰি বাই আছে ।কাৰণ মহাজনৰ ঘৰত মাহিলি কাম কৰি ল'ৰাৰ কলেজৰ খৰছখিনি যোগান ধৰে। মহাজনৰ পৰা সাতশ টকা পাবলৈ বাকী আছে। 
                   ল'ৰাৰ কলেজৰ খৰছ খিনি এই মাহত দিব লাগিব। কলেজৰ খৰছ বহন কৰিবলৈ কৃপণ চলিহাৰ ঘৰত কাম কৰিবলৈ আহে। আজিও ৰহিমলা টকা খিনিৰ বাবে মহাজনৰ ঘৰত বহি আছে। সেই সময়ত মহাজনৰ ঘৰলৈ কেইজনমান নামী-দামী মানুহ সোমাই আহিল। মহাজনৰ ল'ৰাক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ দিবলৈ। চলিহাৰ পকেটৰ পৰা ন হাজাৰ টকা উলিয়াই দি দিলে। হয়তো মুখ্য আসনৰ বাবে। ৰহিমলাই আজিও খালি হাতে ঘৰলৈ উভতিল।

✍️ছেলিমা বেগম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)