স্নিগ্ধ হ'ব পাৰিলেহেঁতেন
কিন্তু জীৱনটো মাটি চাকিৰ
কপি থকা শিখাৰ দৰে
অস্থিৰ হ'ল।
জীৱনটো কবিতা নহ'ল
গোলাপৰ সুবাস নহ'ল
জুবিনৰ গানৰ দৰে তীব্র নহ'ল
হ'ল মাথোঁ...
হেৰাই যাব নোখোজা এটা দুপৰীয়াৰ সময়।
বহিব পাৰিলোঁ বৰষুণে জীপাল কৰি তোলা
ঘাঁহনি ডৰাত,
এজন ব্যৰ্থ মানুহৰ সৈতে
সময় বিনিময় কৰি।
জীৱনটো হ'ব পাৰিলেহেঁতেন
কোনো শান্ত-সমাহিত সমুদ্রৰ নিৰুদ্ৰেক নাৱিক।
বাটটো ম'চিন নহ'ল
যাত্রাবোৰ নিৰংকুক নহ'ল
নহ'ল বাবেই
ভাল পাব শিকিলোঁ
এই অৰণ্য আৰু যন্ত্রণাৰ নগৰী।
✍️নয়নতৰা পেগু, বোকাখাত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ