কোনে বুজিব !
নুসুধিবা কংকীট্ সভ্যতাৰ
জন্তুমানৱৰ অনুভৱ বীজবোৰ ক'ত পায় ?
এতিয়া জীপাল নহয়
হালধীয়া হাঁহিৰ সেই মুক্ত পথাৰখন ।
বিথ্যা চেষ্টা কিয় কৰো প্ৰতিদিনে
মনুষ্যত্বৰ সংজ্ঞা সন্ধান কৰি !
এই যে সপোনবোৰ
আজি কালি ঘৰৰ কলিং বেলটোৰ দৰে হ'ল
কেনেবাকৈ আহি টুকুৰিয়াই গুচি যায়
জীৱনৰ দুৱাৰ মুখৰ পৰা ।
কেনেবাকৈ পৰা হ'লে
ডিজিটেল এপ্বোৰৰ দৰে জীৱনটোকো
আপডেট কৰিলো হয়
নহ'লে আনষ্টল কৰিলো হয়
দুখ-কষ্টৰ ভাইৰাছবোৰ ।
এই যে সমাজ সংস্কাৰৰ নামত
সামাজিক অত্যাচাৰৰ পৰশ সানি
জীৱনৰ ওৱালপেপাৰ লগাই
একাংশ নিৰ্মোহ দানৱে
কিহৰ বাবে ?
কোনে বিচাৰে এনে ডিজিটেল সমাজ
য'ত বিশ্বাসবোৰ
স্কীনশ্বত, কেমেৰা লেন্সৰ পৰ্দাত আৱদ্ধ ,
য'ত মানৱতা, দয়া আদিৰ অনুভৱৰ ফৰমেট হয় ।
তেন্তে কিয় হাবিহাস এই মানৱৰ
নতুন ভাৰছনৰ ছফ্টৱেৰ ?
নাজানো এই ডিজিটেল সভ্যতাৰে
সুখ-শান্তি বিচাৰে ক'ত ?
মাথো এই জীৱন ডিজিটেলাইজ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ