তোমালৈ মনত পৰে-উম্মীদ হাচান

©Admin
0
    শাম্য শীতোষ্ণ বতৰ
তমসাচ্চ্ছন্ন নিস্তব্দ-নিবিড়
        সেইকন ৰাতি,
    মনত পৰে তোমালৈ।
মই মনত বাৰে বাৰে আওৰাও
  তোমাক আদিৰ পৰা অন্তলৈ
            ভাৱো মই,
তোমাৰ কোমল বুকুৰ উষ্ম উম লৈ
    এখন্তেক জিৰণি ল'ম বুলি
   মুকলি আকাশৰ তলত বহি
            তোমাৰ স'তে
প্ৰানপণে কথা পাতিম বুলি ,
                 কিন্তু
তুমি নাই মোৰ সমক্ষে আজি
তথাপিও মনত পৰে তোমালৈ ।।

                             ✍️ উম্মীদ হাচান

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)