মোৰ কলমৰ চিয়াঁহীৰে-কানন গোস্বামী

©Admin
0
মোৰ কলমৰ চিয়াঁহীৰে ৰঞ্জিত হওঁক
খাটি খোৱা চহা জীৱনৰ কৰুণ গাঁথা
ৰ’দ বৰষুণ নেওচি,ভোগ পিয়াহ আওকাণ কৰি আশাৰ বীজ সিঁচি
 ক্লেদময় পথাৰ জীপাল কৰাৰ কথা৷

মোৰ কলমৰ চিয়াঁহীৰে লিখিত হওঁক 
জংকী পানৈৰ অমৰ প্ৰেম গাঁথা,
সোণালী আখৰেৰে লিপিবদ্ধ হওঁক 
জয়মতীৰ ত্যাগ আৰু সতীত্বৰ কথা৷

মোৰ কলমৰ চিয়াঁহীৰে অলংকৃত হওঁক 
আই অসমীৰ কৃষ্টি সংস্কৃতিৰ ভঁৰাল
লিপিবদ্ধ হওঁক অসমৰ মহাপুৰুষ শংকৰ-মাধৱ আজান ফকীৰৰ গুণ গাঁথা৷

মোৰ কলমৰ চিয়াঁহীৰে খোদিত হওঁক 
অসমৰ বীৰ বীৰাংগনা, ৰথী মহাৰথীৰ কথা
সমুখ সমৰক ভয় নকৰি 
মাৰ বান্ধি ৰণ দিয়াৰ কথা৷

মোৰ কলমৰ চিয়াঁহীৰে বৰ্ণিত হওঁক 
নদ-নদী, পাহাৰ-ভৈয়াম ,জান -জুৰিৰে সমৃদ্ধ চকু জুৰ পৰা অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা
ফুলে ফুলে জাতিষ্কাৰ,
বহু জাতি জনজাতিৰ মিলন ভূমিৰ কথা৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)