সাঁচি ৰাখিছো
প্ৰতিচ্ছবি ।
কোন কাহানিবা
থিতাপি লোৱা
মনে আজি নামানে নিয়মৰ বাধা ।
মোৰ মনৰ গোপন কুঠৰিত
গান গাওঁ আজিও
তোমাৰ নামত সুৰ ধৰি ।
অভিপ্ৰায় নাই ইতিহাস গঢ়াৰ ,
স্বপ্ন নাই আকাশ চুবৰ
মাথোঁ মোৰ হৃদয়খন তোমাৰ হওঁক ...
ৰঙীন তুলিকাৰ বুলনিত
তোমাৰ উকা বগা কেনভাচত
সাধ্য নাই কাহিনী থমকি ৰোৱাৰ ...
আন্ধাৰ নিশা ।
তোমাৰ জোন জ্বলা আকাশত
আৰু মোৰ তৰা ফুলা দেশত
ব'লা হেৰাই যাওঁ আকৌ এবাৰ ....
নিঃশব্দ নিৰ্জনতাত।
সচাঁকৈ কৈছোঁ শুনি যোৱা
ভাল পাওঁ বুলি কৈ যোৱা
তোমাৰ হৃদয় খন মোক দিয়া ।
নিয়ৰ সেমেকা পুৱাৰ প্ৰেম কথাৰে
লিখি যাম হেজাৰ কবিতা ...তোমাৰ সৈতে .....
মোৰ চহৰত তোমাক লৈ
নিৰুদ্দেশ হোৱাৰ মন
আছা যে তুমি মোৰ হৃদয় দাপোনত ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ