১৫ নৱেম্বৰ- আজিৰ দিনটোৰ বিশেষত্ব

0
(১) প্ৰসিদ্ধ ভাষাবিদ, গৱেষক, সাহিত্যিক বাণীকান্ত কাকতিৰ জন্ম হয় ১৮৯৪ চনৰ আজিৰ দিনটোতে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথমজন অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেখেতৰ গৱেষণা গ্ৰন্থখনৰ নাম হ’ল- Assamese : Its Formation And Development.

(২) ১৯৮২ চনৰ আজিৰ দিনটোতে ভূ-দান আন্দোলনৰ নেতা বিনোৱা ভাৱেৰ মৃত্যু হয়।

(৩) মহাত্মা গান্ধীৰ হত্যাৰ অভিযোগত নাথুৰাম গডছে আৰু নাৰায়ণ দত্তাত্ৰেয় আপ্তেক আম্বালা জেলত ফাঁচি দিয়া ১৯৪৯ চনৰ আজিৰ দিনটোতে।

(৪) আন্তৰ্জাতিক খ্যাতিসম্পন্ন মহিলা টেনিচ খেলুৱৈ ছানিয়া মিৰ্জাৰ জন্ম হয় ১৯৮৬ চনৰ আজিৰ দিনটোতে।

(৫) ১৬৩০ চনৰ আজিৰ দিনটোতে জাৰ্মান জ্যোতিৰ্বিজ্ঞনী জহান্স কেপলাৰৰ মৃত্যু হয়।

(৬) আজিৰ দিনটোতে ১৯৮৩ চনত চাইপ্ৰাছে স্বাধীনতা লাভ কৰে।

(৭) ২০০০ চনৰ আজিৰ দিনটোত অসমৰ সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় নৃত্য হিচাপে ঘোষণা কৰা হয়।

(৮) ২০০০ চনৰ আজিৰ দিনটোত ঝাৰখণ্ডক ভাৰতৰ ২৮ সংখ্যক ৰাজ্য হিচাবে ঘোষণা কৰা হয়।

(৯) ২০০৭ চনৰ আজিৰ দিনটোত বাংলাদেশত হোৱা ঘূৰ্ণী বতাহত প্ৰায় ৭০০০ মানুহৰ মৃত্যু হয়।

(১০) স্বাধীনতা সংগ্ৰামী বীৰচা মুণ্ডাৰ আজি ওপজা দিন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)