জেঠ মাহৰ নাম সামৰণিত কৰা ভাওনাখন ৰত্নপুৰৰ পূজা কমিটীয়ে লক্ষ্মীপূজাত কৰি দিবলৈ গুৱা-পাণ দি ঘৰৰপৰা চুবুৰি ৰাইজক আমন্ত্ৰণ জনালে। সকলোৱে ভালেই পালে।গতিকে ময়ো আকৌ এদিনৰ কাৰণে ৰজা হ'বলৈ সাজু হ'ব লগা হ'ল। নামঘৰত কৰা বাবে আগৰ ভাওনা খনত ৰজা হৈয়ো শুদা ভৰিৰেই ভাও দিছিলোঁ।এইবাৰ যিহেতু নামঘৰত নহ'ব,শেখৰ বৰুৱাকে ধৰি কেইবাজনেও মোক ভৰিত কিবা এটা পিন্ধি ল'বলৈ পৰামৰ্শ দিলে।আগটো ঘূৰখোৱা পাঞ্জাবী বা ৰাজস্থানী জোতা।বজাৰৰ কেইবাখনো দোকানত বিচাৰিলোঁ, পালোঁ যদিও দাম বহুত।এদিনৰ কাৰণে ইমান টকা দিবলৈ গা বিষাই গ'ল।শ্ৰী মতীয়ে অনলাইনত চাবলৈ ক'লে।বহুত চাই-চিতি এজোৰ অৰ্ডাৰ দিয়া হ'ল।দাম আঠ শ টকা।ভাওনালৈপাঁচ দিন থাকোঁতেই আহিও পালে।পিছে ভৰিৰ জোখতকৈ বহু সৰু হ'ল। বন্ধু খগেন নাথক কলোঁ,তেওঁ কলে-“পিন্ধিব পৰা এজোৰ জোতা দিলে মই পাঞ্জাবী জোতা বনাই দিম।” দায়িত্ব ল'লে।এটা সমস্যা সমাধান হৈ গ'ল।
ভাওনাৰ আগদিনাই কেইবাজনো ভাৱৰীয়াই পোছাক ভাড়ালৈ আনিবলৈ গ'ল।মইয়ো গলোঁ,পূজাৰ চিজন,য’তে ত’তে ভাওনা,ভাল পোছাকবোৰ ভাড়ালৈ গ'ল,আহি পোৱা নাই।পিছদিনা মাতিলে,গলোঁ।মনে বিচৰা মতে নহ'ল যদিও আনিলোঁ।আৰু এটা সমাধান হ'ল।
ভাওনা থলিৰ কাষৰ এঘৰত ‘পেইণ্টিং’ হৈছিল।পেইণ্টিং ভালেই হৈছিল।কোনেও মোক চিনি পোৱা নাছিল।পেইন্টাৰে চাহ-পানী খাবলৈ মানা কৰিছিল,ওঁঠৰ ৰং বেয়া হ'ব।নৰেনে ধূতীখন পিন্ধালে যদিও পোছাক পিন্ধাই দিওঁতা নেপাই হাহাকাৰ।এজন অচিনাকী ল'ৰাই পলমকৈ পিন্ধাই দিয়াত ৰক্ষা পৰিলোঁ।আৰু এটা সমস্যা ওৰ পৰিছিল।
সূত্ৰধাৰ,লক্ষ্মী-নাৰায়ণ, শিৱ, নাৰদ আৰু সত্যৰ প্ৰৱেশৰ পিছতেই সূত্ৰধাৰৰ ঘোষণা -‘অ সূত্ৰ - পুত্ৰ-বধু,পাত্ৰ-মন্ত্ৰী, সৈন্য-সামন্ত সহিতে মগধৰ নৃপতি চন্দ্ৰপালৰ প্ৰৱেশ দেখহ’।লগে লগেই গায়নে ৰাগ জুৰিলে-‘ আৰে আৱত মগধৰ..... ৰাজাধিৰাজ ......’।আহল বহল থলি খনৰ তিনিওফালে মানুহ।বহুত মানুহ।পিছে শ্ৰীমতী , পুত্ৰ-কন্যা বা গুৱাহাটীৰ পৰা অহা শ্ৰীমতীৰ বায়েক বা তেওঁলোকৰ ল'ৰা-ছোৱালী হাল চকুত নপৰে হে নপৰে। ভিনদেউ আগৰ শাৰীত বহি মোবাইল ফোনেৰে ফটো মাৰি থকা দেখি অলপ ৰৈয়ো দিলোঁ। পিছত যেনিবা সুন্দৰকৈ সজাই থোৱা মগধ ৰাজ্য খনৰ ওচৰতে কিন্তু বাহিৰৰ ৰাস্তাত থিয়হৈ ভাওনা চাই থকা শ্ৰীমতীৰ পাৰ্টীটো চকুত পৰিল।কেইপাক মান চেৱে চেৱে ঘূৰা(নচা)ৰ পিছত ৰাজসিংহাসনত বহিবলৈ সুত্ৰধাৰে কলে “... প্ৰৱেশ কৰি সিংহাসনে বৈঠিয়া ৰহল।”আন এজন ৰাজকুমাৰ আৰু সেনাপতি বেলেগে বেলেগে প্ৰৱেশ কৰাৰ পিছতেই মূল নাট আৰম্ভ হ'ব।
ৰজা ৰূপী মোৰ বৰকৈ পিয়াহ লাগিছিল।ডিঙিটো শুকাই গৈছিল। ইফালে অলপ পিছতে বচন মাতিব লাগিব।তাৰে পাঁচ ঠোকা খঙত চিঞৰিব লাগে।পানীও খোৱাত বাধা দি থৈছে।থিয়হৈ আঁৰ কাপোৰখন এফালে দাঙি বাহিৰৰ পৰা ভাওনা চাই থকা মহিলা এগৰাকীক শ্ৰীমতীৰ ব্ৰিগেডটোৰ ফালে আঙুলি টোৱাই মোৰ ওচৰৰ ফালে মাতি দিবলৈ কলোঁ।শ্ৰী মতী আহিল। “চুইং গাম দুটামান আনি দিয়াচোন”। শ্ৰীমতীয়ে বোধহয় মোক পেইণ্টিঙৰ বাবে চিনি পোৱা নাছিল।শুকাই থকা ডিঙিৰ মাতটোও বুজি পোৱা নাছিল। ফলত আন কোনোবা বুলি মুখখন বেকেতাই ঘূৰিবলৈ লওঁতেই মই উষ্মাৰে কলোঁ -“মুনিক মাতি দিয়া”চিনি পালে।বচন মতাৰ আগে আগে দুই ফালৰ পৰা চুইংগাম আহিছিল।ইটো ফাল কোন আছিল গম নেপালোঁ।ৰক্ষা পৰিছিলোঁ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ