অনুভৱৰ টোপোলা টি- অম্লান জ্যোতি বড়া

©Admin
0
আপোনাৰ অনুপস্থিতি 
সঁচাকৈ বিষাদ পূৰ্ণ ;
মাথোঁ আপুনি দি যোৱা স্মৃতি মধুৰ আছিল ,
আপোনাৰ মহত্ব প্ৰকাশ কৰিবলৈ
শব্দৰ যেন অভাৱ হৈছে ।

শব্দ থকা হ'লে লিখিলোঁহেঁতেন
আপোনাৰ গুৰুত্ব কিমান !
ভাষা থকা হ'লে বুজালোহেঁতেন
আপোনাক হেৰুওৱাৰ বেদনা কিমান !

আপুনি এনে এজন যুঁজাৰু আছিল
জীৱন যুদ্ধত আপুনি জয়ী হ'ল ,
আপোনাৰ ভাগৰ লাগিছে
আইৰ সেউজীয়া দলিচাত
আপুনি অলপ জিৰণি লওক ।

শেষ বুলি ক'লে জানো সম্পৰ্ক এটাৰ শেষ হয় ?
হয়তো নহয় ,
আপুনি আমাৰ অন্তৰত সদায় বিশেষ আৰু সুকীয়া ।‌

                                     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)