দূৰৰ মৰিচিকাকে সুখ বুলি ভাবি নিৰন্তৰে গতি কৰিছে।
মিছা বাসনা লৈ পৰক আপোন বুলি ভাবি, নিজৰ জনকে কৰিলা অবহেলা ।
তেলিয়াৰ মূৰত তেল দি নিজৰ অস্তিত্বক বহুৱালি কৰি নিজকে শেষ কৰিছা ।
কোনো লাভ নাই সিহঁতৰ কথা ভাবি, সিহঁত বেলেগ পৃথিৱীত বাস কৰিছে। তোমাক ভাল পোৱাবোৰক বুঢ়া আঙুলি দেখুৱাই ।
কিয়নো তই নাছিছ সিহঁতৰ আঙুলিৰ যাদুৰ ভৰসাত ।
আতৰি আহ তই সিহঁতৰ চালনাৰ কুতিল মায়াজালৰ পৰা ।
নিজৰ মাজত বিছাৰি লোৱা, সুখবোৰ বিছাৰি পাবা ।
সমাজৰ আৰ্দশ হ'বা তাতে পাবা সকলো সন্ধান ।
নিজৰ মাজত নাথাকিলে বিশ্বাস, আনে ল'ব তোৰ বৰঘৰত স্থান, বাৰে বাৰে অপমানিত হৈও সংগ এৰিব নোৱাৰিবা তাৰ ।
একাকাৰ হোৱা তোমাৰ সূখ দুখৰ সমভাগি হৈ থকা সকলোৰে লগত ।
🔳শ্ৰী উৎপল দাস
কুৰুৱাবাহী বোকাখাত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ