দিয়া প্ৰকৃতি দিয়া-আৰ্জিনা বেগম

Rinku Rajowar
0
মোকো তোমাৰ সৌন্দৰ্য্য দিয়া । 
দিয়া সেউজী দিয়া...
  মোৰ হৃদয়টো তোৰ
      সেউজীয়া দলিচা পাৰি দিয়া। 

দিয়া পুষ্প ৰাণী দিয়া...
সেউজী দলিচাত ফুলেৰে
     বুটা বাছি দিয়া ।
দিয়া, 
      হৃদয়খনি ফুলৰ সুবাসেৰে
 উপচাই দিয়া ।

আহ্ পখিলি সখী আহ্ ,
হৃদয়ৰ ফুলনিখনিলৈ সোমাই আহ্
     নাছি বাগি ফুৰহি আহ্ । 

দে জোনাকী দে....
   তোৰ উজ্জ্বলতা মোকো দে।
হৃদয়ৰ পৃথিৱীখনি
মোকো উজলাবলৈ দে । 

আহ্ তৰালি আহ্...
    মোৰ বুকুলৈ আহ 
মনৰ আকাশত
     তিবিৰাই থাকহি আহ্ ।
আহা না পশু ৰাজ - পক্ষী ৰানী
 মোৰ কাষলৈ আহা...
কোৱানা মোকো মনৰ কথা 
     দিয়ানা বুজাই, 
এই অবুজ ভাৱ-ভাষা । 
    আহানা প্রকৃতি মোৰ কাষলৈ 
বান্ধানা প্রকৃতি  
     আমাৰ বন্ধুত্বৰ এনাজৰী টানকৈ ।

লোৱানা মোক আদৰি
    কৰানা মোৰ সতে ধেমালি । 
কোৱানা মোক ভাবিবানে
                    আপোন বুলি? 
দিয়া না প্রকৃতি 
     মোকো তোমাৰ সৌন্দৰ্য্য মায়াবী । 



                  ✍🏻আৰ্জিনা বেগম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)