মুক্ত বিহংগ -ফখৰুদ্দিন আলি আহমেদ

©Admin
0
আজি তাই মুক্ত, 
তাই আজি স্বাধীন,  
তাইৰ বিশ্বাসৰ শিকলিডালত
মামৰে ধৰিছিল, 
সম্পৰ্কবোৰ হৈছিলগৈ উকা;
তাইৰ আশাবোৰতো ঘূণে ধৰিছিল
মুক্তিৰ আশাত 
আছিল মাথো জঁকা।
বাঁহখনত মৰমবোৰ উৱলি গৈছিল, 
মাতবোলবোৰ হৈছিলগৈ 
মাথো দ্বন্দ্ব,
প্ৰতাৰণবোৰে তাইক 
খুলি খাইছিল, 
নাছিল প্ৰেমৰ লেশমানো গোন্ধ।
তাই বাৰে বাৰে
 মূৰ তুলি চাইছিল,
উন্মুক্ত নীলা আকাশলৈ, 
কৰিব খোজে তাই তাতে বিচৰণ, 
জীৱনৰ অন্তিমটো ক্ষণলৈ। 
তাৰ শুকুলা ডাৱৰৰ 
ফাকে ফাকে 
লুকুৱাই বেদনাবোৰক,
উৰিব খোজে তাই সীমাহীন দূৰলৈ, 
চুইচাব খুজে তাই সুউচ্চ আকাশখন
অশান্ত মনটো জুৰ পৰালৈ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)