"বলক, বলক।"
পাছফালে ঘূৰি চাই দেখিলোঁ।মানুহ এহাল মোৰ পাছত ৰৈ আছে।মোৰ সকাহ পোৱাৰ দৰে লাগিল।
যি কি নহওঁক লগ এটা পালোঁ।আন্ধাৰ হৈ আহিছে।পথাৰখন পাৰ হ'লেহে ঘৰ পাম।
"বলক, বলক ।"
মই চাইকেলখন চলোৱাৰ পৰা বিৰত ৰলোঁ।মহিলা গৰাকীলৈ চালোঁ।এখন কাণত দীঘলীয়া এপাত কাণ ফুঁলি ওলমি আছে।এখন কাণত স্পষ্ট নহয়।ৰঙা শাৰীখনে জোনৰ অনুজ্বল পোহৰত মহিলা গৰাকীক অপূৰ্ব দেখাইছে।
কিবা যেন মিঠা মিঠা মোহনীয় নাৰীৰ এটা আবেদনময়ী চেহেৰা।মানুহ জনে মোলৈ ঘোপাকৈ চালে।সম্ভৱ তেখেতৰ পত্নীলৈ মই খুটিয়াই খুটিয়াই চোৱাটো সহ্য কৰিব পৰা নাই।ভাগ্যবান দেই এইসকল।যি সকলে ইমান সুন্দৰী পত্নী পাইছে।মোৰহে ফুটা কপাল ঐ।ঘৰৰ ঘৈনী দেখিবলৈ বান্দৰী।
"কি ভাবিছে।"
মানুহজনে ক'লে,
"নাই ,নাই।একো ভবা নাই।এই মোৰ ঘৰ পাওঁ পাওঁ।"মই তপৰাই উত্তৰ দিলোঁ।
"কালিৰ পৰা একো খাবলৈ পোৱা নাই বুইছে।"
মানুহজনীয়ে কেৰাহীকৈ মোলৈ চাই ক'লে।মোৰ পুৰুষত্বক দমন কৰি সুন্দৰীৰ নাৰীৰ ওচৰত হেয় হ'বলৈ মন নগ'ল।
"বেয়া নাপায় যদি মোৰ ঘৰলৈকে বলক।"মোৰ তামোল খাই ৰং ধৰা বত্ৰিছটা দাঁত উলিয়াই টকালি মাৰি কলোঁ।
"কিয়নো বেয়া পাম।"
মানুহ জনীয়ে মোলৈ চাই মিচিকিয়া হাঁহি মাৰি দিলে।
ঘৰ পায় --"হেৰা উঠাচোঁন।ফুট গধূলিতে বিচনাত মৰিল হ'ব পায়।আলহী আহিছে ।হেৰা উঠাচোঁন।"
এইবাৰ বাৰাণ্ডাৰ লাইট জ্বলিল।
"ক'ৰ আলহীক লৈ আহিছে।"
মোৰ খঙটো দাও দাওকৈ উঠি আহিল।যদিও আলহীৰ আগত নম্ৰহৈ ক'লো।বাটৰ বন্ধু বুইছা।কিবা এটা খোৱাৰ যোগাৰ কৰা।
"মই সুধিছোঁ আলহী ক'ত?"
ঘৈনীৰ মাতত বুকুখন ঢপং কৰি উঠিল।পাছলৈ ঘূৰি চালোঁ।কোনো নাই।তেনেহ'লে,,,,।মই পুহমহীয়া ঠাণ্ডাত চৰ-চৰকৈ ঘামিবলৈ ললোঁ।
মানুহজনীয়ে ৰাউচি জুৰি চিঞঁৰিবলৈ ল'লে।কালি এহালকৈ মানুহ গাড়ীয়ে খুন্দিয়াই মাৰিছে।দিনে -পোহৰে ঘৰলৈ আহিব নোৱাৰে।
ঘৈনী কথাত মই বোবা হৈ পৰিলোঁ।
চকুৰ আগত ভাহি থাকিল।এখন কাণত উলমি ৰোৱা দীঘলীয়া কাণফুলি পাত।
✍️বিটুমনি কোচ
ধেমাজি (মাছখোৱা)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ