অভিশাপ-ৰেজিনা পাৰবিন

©Admin
0
ইকাণ সিকাণকৈ কথাটো চৌদিশে ৰাষ্ট্ৰ হৈ মোৰ কাণতো পৰাত মনটো বহুত বেয়া লাগিল। অতিশয় সৎ, শ্ৰদ্ধাবান তথা মৰমীয়াল ব্যক্তিজনৰ আচলতে ভুল নো কʼত  জনাৰ পিছত  যুৱ উশৃংখলতাৰ ভয়াবহ ছবিখনে মনৰ কোনোবাখিনি জোঁকাৰি গ'ল।
 কি যে দিন কাল পৰিল নহয়!ডাঙৰক সন্মান কৰা দিন যেন উকলি গ'ল।  চকুৰ আগতেই সৰু সৰু ল'ৰা- ছোৱালীবোৰৰ নৈতিক অধঃপতন বা কিবা এটা বেয়া দেখিলেও কোনেও একো ক'ব নোৱাৰা অৱস্থা হ'ল । মাৰ-পিট কৰাটোতো দূৰৰে কথা সামান্য এটা ধমক দিলেও অভিভাৱকে ফেপেৰী পাতিয়েই ক্ষান্ত নাথাকি চিধাই  গোচৰ দিয়েগৈ আৰক্ষীক।
      অত্যন্ত সৎ আৰু সৰল শিক্ষক তৰণী ডেকাই কিবা বেয়া দেখিলে বিশেষকৈ নিচা সেৱনকাৰী লোকক শুধৰাবলৈ সময়ে সময়ে বিভিন্ন পদক্ষেপ লৈ আহিছে। সেৱনকাৰীজন লাগিলে তেখেততকৈ  জ্যেষ্ঠ আঠুমুৰীয়া বৃদ্ধই হওঁক  বা তেখেতৰ সমনীয়া। তেখেততকৈ সৰু বোৰৰ ক্ষেত্ৰত আকৌ তেখেতে অভিভাৱকৰ দায়িত্ব পালন কৰি সময়-সাপেক্ষে দুই-এচাট দি হ'লেও শুধৰোৱাৰ প্ৰয়াস কৰে।  কিন্তু সকলোকে আপোন বুলি ভাবি অভিভাৱকৰ দায়িত্ব পালিবলৈ যাওঁতেই ঘটিল অঘটনটো।  একেখন গাঁৱৰে হোৱাৰ লগতে তেখেত কৰ্মৰত বিদ্যালয়ৰ হাইস্কুলীয়া ছাত্ৰ কেইজনমানে বিদ্যালয়ৰ প্ৰায় সন্মুখতেই থকা মিনি ষ্টেডিয়াম খনৰ এচুকত নিচাজাতীয় দ্ৰব্য  সেৱন কৰি থকা দৃশ্যটো দেখি আওকাণ কৰিব নোৱাৰিলে সমাজ সচেতন ডেকাই। প্ৰথমে সিহঁতক মাতি আনি বৰ মৰমেৰে বুজালে। কিন্তু উশৃংখল ছাত্ৰকেইজনে ওলোটাই তেওঁকে অপদস্থ কৰি বিভিন্ন ঠাট্টা-মস্কৰা কৰাত এগৰাকী অভিভাৱকৰ দৰেই শাসন কৰিবলৈ দুচাটমান লগাই দিলে ছাত্ৰ কেইজনক। সেয়াই ঘোৰ অপৰাধ হ'ল তেওঁৰ।  পুত্ৰস্নেহত অন্ধ অভিভাৱক কেইজনে একে গাঁৱৰ হোৱা সত্বেও ডেকাৰ সৈতে কোনো আলোচনা নকৰি  পোন চাটেই ঢাপলি মেলিলে আৰক্ষী চকীলৈ আৰু গোচৰ তৰিলে ডেকাৰ ওপৰত। কোনো দিনেই আৰক্ষী চৌহদ গছকি নোপোৱা মানুহজন একেকোবে লকআপত সোমোৱাৰ উপক্ৰম হ'ল যদিও এচাম সুহৃদৰ আপ্ৰাণ চেষ্টাত কোনোমতেহে ৰক্ষা পৰিল। কিন্তু কেবামাহলৈ তাত-বাতি জুৰিব লগীয়া হ'ল আৰক্ষী চকী আৰু আদালতলৈ। আনকি আদালতৰ কাঠগৰাও পদাৰ্পণ কৰিলে। অৱশেষত তেখেত দোষ মুক্ত হ'ল যদিও জীৱনলৈ লভিলে এটি নতুন অভিজ্ঞতা। ঘটনাটোৰ পিছৰে পৰা তেওঁ আখৰা কৰিছে চকু মুদা কুলি হ'বলৈ আৰু ক'ৰবাত অবিচাৰ দেখিলেই নিজে নিজেই আওৰাই থাকে----
       "মিছা ক'লে মহাপাপ
       সঁচা ক'লে শত্ৰুৰ আৱিৰ্ভাৱ
                        আৰু
      মনে মনে থাকিলে মানসিক চাপ----
      গোটেই জীৱন ই এক ডাঙৰ অভিশাপ।"


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)