সেউজীয়া সাপৰ বিষ- ফখৰুদ্দিন আলি আহমেদ

©Admin
0
সেউজীয়া সাপটোৱে
তাইক মেৰিয়াই ধৰে,
তাইৰ অনাকাঙ্খিতে 
কাহানিবা অজ্ঞাতে, 
তাই মুক্ত হ'ব বিচাৰে
কিন্তু তাই নোৱাৰে। 

নগ্ন শৰীৰৰ উমাল বুকুত 
নিৰ্লজ্জতাৰে কৰে বিচৰণ, 
ঢালি দিয়ে অজস্র বিষ 
কৰি শত্‌ দংশন,
ক্ষত-বিক্ষত হয় কোমল দেহা
নীলা পৰে দেহাৰ বৰণ, 
ডিঙিত শুকাই ৰয় আৰ্ত চিৎকাৰ
 ৰন্ধ্ৰে ৰন্ধ্ৰে হয় ৰক্ত ক্ষৰণ। 

দংশিত হয় তাই সহস্ৰবাৰ 
চিঞঁৰে তাই অজস্র বাৰ, 
তাৰ অবাঞ্ছিত বিষবোৰ
সোমায় শিৰে শিৰে,
তথাপিও সি তাইক 
মেৰিয়াই ধৰে। 

তাইৰ গাত বিষবোৰ গোট মাৰে 
তাতেই হয় প্ৰাণৰ সঞ্চাৰ, 
অভিশপ্ত জীৱনক কৰে আলিঙ্গন
বৃথা হয় সৱ উপচাৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)