বিষাদবোধত জৰ্জৰিত সময়বোৰ,
জীৱনৰ পৃষ্ঠাবোৰ স্পৰ্শ কৰি শোকত
কপি উঠা দুহাতৰ আঙুলিবোৰ আজি
ক'ব নোৱাৰাকৈ নিথৰ হৈ পৰে।
জীৱনৰ কথাবোৰ লিখিবলৈ খুজিও
হাতৰ কলম থমকি ৰৈ যায় .....
স্তব্ধ আজি অভিমানী হিয়া,
দুচকুৱে ডায়েৰিৰ পৃষ্ঠাবোৰ তিয়ায়।
সহজ বুলি ভাবি আগুৱাই যাবলৈ
বহুত চেষ্টা কৰিও নোৱাৰোঁ
মানুহৰ অতীতৰ স্মৃতিবোৰেই তেনেকুৱা
পাহৰিব বিচাৰিলেও সময় আৰু
পৰিস্থিতিয়ে কেতিয়াও পাহৰিব নিদিয়ে
দুচকুৰ মিছা উজ্জ্বলতা নিজেই আঁতৰে
ওঁঠৰ মিছা আভৰণৰ হাঁহিও লুকাই
আৰু এদিন তেনেকৈয়ে জীৱনৰ
আধালিখা ডায়েৰিখন সম্পূৰ্ণ হয়
অতীতৰ স্মৃতিৰ কাহিনীৰ কথাৰে.....!
নৱ প্ৰজন্মৰ প্ৰতিভা বিকাশৰ উৎকৃষ্ট মঞ্চ
ReplyDelete