সুখ-দুখৰ আলিঙ্গনতাত
পলে পলে বয় ।
এহাতে এমুঠি ৰঙীন হৰ্ষ
আনখনত বিষাদৰ ছাঁই।
হৃদয়ৰ গীতাৰখনে যেতিয়া
নুপূৰ বজায় মধূৰ হয় সেই
জোনাক নিশা, বিপৰীতে ৰোমন্থন
নহয় গীটাৰৰ দুৰ্বল সূতাত ,
সুখবোৰ এধানি এধানি সৰি পৰে।
কাঁচিয়লি ৰ'দৰ সেমেকা পোহৰত
নৈখনৰ গতিও সলাব বিচাৰে ,
পৰিচয় বিহীন তৃপ্তিৰ নিমিষতে
অভিনয় কৰে, নেপথ্যত ধূলি উৰে,
সপোনৰ আছুতিয়া ৰং বোৰ
উলাহতে ফুৰে।
নৃত্যৰ যেন মৌনতা নাই উকাবাগিচাত ।
▪️ৰজনী কুমাৰ ডেকা
ৰঙিয়া ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ