মন মাধুৰী - ফখৰুদ্দিন আলি আহমেদ

©Admin
0
বাৰে বৰণীয়া সুশোভিত সাজেৰে
ওলাইছে আজি মোৰ মন মাধুৰী,
উন্মত্ত যৌৱনা মাতশাৰী মৌসনা
মৰ্ত্যতে তাই যেন স্বৰ্গৰ অপেশ্বৰী। 
কালনাগিনীৰ ফনাধাৰী 
যেন তাইৰ বেণীধাৰী
গুজি তাতে পুষ্প কনকচম্পা, 
বাৰিষাৰ ময়ুৰীৰ চালে 
বুকুখনি দুলাই চলে
দেখিলে তাইক জাগি উঠে
সাঁচি ৰখা প্ৰেমৰ অনুকম্পা।
হৰিণীৰে নয়নযুৰি
তাইৰে চকুযুৰি
সাগৰ নীলা চকুৰ দুটি মণি, 
কাজল সনা চকুৰ পতা
পদুমৰ যেন পাহি দুটা
বিচিত্রতাৰ ষোড়শী ৰমনী।
গুলপীয়া গালৰ তিলে
মন প্ৰাণ হৰি নিলে
জাগে মনত নিতৌ নতুন আশা, 
দিঠকতে ৰচো সপোন
তাইক মই কৰি আপোন
নিলগতে সাঁজি সুখৰ বাহ। 

✍️ফখৰুদ্দিন আলি আহমেদ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)