জীৱনৰ পাতনি মেলিবলৈ
আৰম্ভ কৰা অভিমানি জনীৰ
সপোনৰ কথা আপুনি জানো
কেতিয়াবা অনুধাৱন কৰে ।
তাইৰ বাবে হাঁহি নহ'লেও
হাঁহি তাইৰ বহুত প্ৰিয়
কাৰণ অন্তৰৰ বিষাদবোৰ
লুকুৱাই ৰাখিবলৈ হাঁহিয়েই
সকলোতকৈ সৰ্বশ্ৰেষ্ঠ.....।
ইমানো দুখী নহয় তাই
এবাৰ নিশাৰ নিৰৱতাৰ মাজত
তাইৰ হৃদয়খন জুমি চাবলৈ
নিৰৱে আহিবচোন গোপনে ।
হৃদয়ত থকা আঘাতবোৰ
নিৰৱে সহিবলৈ তাই জানো
নিথৰুৱা প্ৰতিমূৰ্ত্তি......
তাইতো অভিনেত্ৰীও নহয়
তথাপিও তাই অভিনয় কৰি
ভাগৰা নাই কদাপিও
আনৰ মিছা অপবাদৰ প্ৰত্যুত্তৰত
তাই মাথোঁ এটি অভিনয়ৰ
মিছা হাঁহি মাৰে
তাইতো সৰু হৈ থকা নাই
সকলো কথাই বুজে তাই।
✍️দিপশিখা ৰাজকোঁৱৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ