চৰাইবোৰৰ আনন্দৰ কল্লোল
কোনেও গ'ম নোপোৱাকৈ
প্ৰকৃতিৰ গৰ্ভৰ পৰা
উদয় হয়
তেজৰঙা সূৰ্য্য।
চৰাইবোৰে সুৰীয়া গীত জুৰে
প্ৰকৃতিৰ নান্দনিকতা দেখি
মুকুতা সনা পাতৰ আঁৰত
হৃদয় মৰুভূমিৰ পৰা
জীপাল হৈ উঠে
মৰহি যোৱা সপোনবোৰ...
চৰাইৰ মৌ- মিঠা মাত শুনি
মোৰ হৃদয়ৰ বালিচৰত
কঁহুৱা জোপা লহ-পহকৈ বাঢ়ি আহে।
সৌৱা উচ্চ পাহাৰ আৰু প্ৰকৃতি
আজি চৰাইৰ
প্ৰেমত মচগুল!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ