জোনাকী সপোন-নিলোৎপল চমুৱা

Rinku Rajowar
0
এইযে এটা সপোন আছিল
বিভাৱৰী ৰাতিৰ তমসাময় সময়ৰ
উদ্বাউল জোনাকী নিশাত চন্দ্ৰমাৰ ছাঁয়াত প্ৰিয়জনৰ দুবাহুত 
মূৰ থৈ জিৰোৱাৰ ,
ক্লান্ত ক্ষণত নিজৰ বুলি এজোলোকা মৰম বুটলাৰ ,
এই সপোন এতিয়া একান্ত বাস্তৱ 
প্ৰিয়সংগী মোৰ হৃদয়ৰ গভীৰত ।

ভবা নাছিলোঁ কেতিয়াও
সপোনটো যে সঁচা হ'ব 
স্বপ্নৰ পৰীজনী মোৰ নিজৰ হ'ব
তোমাক যেতিয়া দেখা পালোঁ
সপোনটো  যেন সাৰ পালে ।
তোমাৰ দুচকুত চকু থৈ জিৰোৱা সপোনটো মোৰ  সঁচা হ'ল 
তোমাৰ হেঁপাহত ওমলা দিনৰ আশাবোৰ মোৰ উমাল হ'ল
এতিয়া প্ৰতিটো উশাহত মোৰ 
ভালপোৱাৰ গুণগুণ
প্ৰতিটো পুৱাৰ কোমল আৱেশত
তোমাৰ মৰমৰ ৰুণজুন
আৱেগৰ পাৰভঙা
জুৰিয়া সপোনত
মই তোমাৰ হ'ব খুজিছোঁ
দুহাতত হাত থৈ তোমাক
নিজৰ কৰিব বিচাৰো
তেন্তে তুমিয়ে কোৱা
মই জানো তোমাৰ
আপোন হ'ব নোৱাৰো ?
    
              
🅾️নিলোৎপল চমুৱা,                   
ঢকুৱাখনা, লখিমপুৰ,       
ভ্ৰাম্যভাষ: ৭০০২৪৬৪১১৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)