অপেক্ষা-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
পুৱাৰ সূৰুযে ভুমুকি মাৰিলে। চৌদিশ পোহৰ হৈ জিলিকি পৰিল। নিহাৰিকাই বিছনাতে ধৰফৰাই আছে। নিয়ৰ আৰু মাক দেউতাক উধাতু খাই তাইৰ ওচৰলৈ আহিল। ঘৰখনৰ পৰিস্থিতি একেবাৰে সলনি হৈ গ'ল একমাত্ৰ নিহাৰিকাৰ বাবে। অজানিতেই ক'ত কেনেকৈ কি যে ঘটি গ'ল ,সেয়া মাথোঁ এতিয়া তেওঁলোকৰ বাবে বিষাদ।
          এৰা...... নিহাৰিকা পল্লব চৌধুৰী আৰু মিনতিৰ একমাত্ৰ কন্যা। তাই তেওঁলোকৰ বাবে বৰ মৰমৰ। কিন্তু এতিয়া নিহাৰিকাই মৰমৰ কথা নুবুজে। মাক - দেউতাক আৰু ভায়েকক চিনি নোপোৱা হ'ল তাই।
              নিহাৰিকা কেতিয়াও দুৰ্বল নাছিল যদিও যেতিয়া তাই ২২ বছৰত ভৰি দিছিল তেতিয়াই তাইৰ শৰীৰত দেখা দিছিল এটা ভয়ংকৰ ৰোগে ,যি ৰোগৰ বাবে তাই অতীতৰ সকলো কথাই পাহৰি গৈছিল। তাইয়ো তাইৰ বেমাৰৰ কথা যেতিয়া জানিছিল তাইৰ ভয় হৈছিল অনাগত জীৱনক লৈ। বহুত সপোন আছিল তাইৰ।তাইক জোৰ কৰি অতীতৰ স্মৃতি সোঁৱৰাই দিলেও তাইৰ অৱস্থা বেয়া হ'ব বুলি ভাবিয়ে মাক দেউতাকে তাইক তেনে অৱস্থাত নিৰৱে চাই আছে।আপোন , চিনাকি হৈও নিহাৰিকাৰ বাবে সকলো অচিনাকী হৈ পৰিল।
              এনেতে নিহাৰিকাৰ সম্বন্ধীয় ককায়েক এজন তাইক চাবলৈ আহিল। ককায়েক যিমানেই তাইৰ ওচৰলৈ যায় তাই সিমানেই আঁতৰি যায়। নিহাৰিকাই কান্দি কান্দি কয়- " মই ঘৰলৈ যাও। মোক কিয় ইয়াত থৈছে। মোক যাবলৈ দিয়ক।" 
মাকেও তাইৰ কথা শুনি কান্দি কান্দি কৈছে - " মাজনী চাচোন,ময়ে তোৰ মা অ।  এইখনেই তোৰ ঘৰ মাজনী।"
           নিহাৰিকা এতিয়া আগৰ সেই উৰণীয়া ছোৱালীজনী হৈ থকা নাই। নিৰৱতা ভালপোৱা নিহাৰিকা একেবাৰেই নিৰৱ হৈ গ'ল। তাইৰ জীৱনৰ প্ৰতি মায়া, উচ্চাকাংক্ষা , অভাৱ - অভিযোগ একোৱেই নাই। মাথোঁ আছে তাইৰ জীৱনত অশ্ৰু । এনেকৈয়ে হয়তো নিহাৰিকা মলীন হৈ যাব।কোনেও নাজানে তাই আগৰ দৰে হ'বনে নহয়। মাক দেউতাকৰ বিশ্বাস আছে তাই এদিন নহয় এদিন তেওঁলোকক চিনি পাব। আগৰ দৰেই তাই সুস্থ হৈ পৰিব। অপেক্ষা কৰিছে সেই মধুৰ সময়বোৰলৈ। অপেক্ষাৰ অন্তত নিশ্চয় সকলো আগৰ দৰে সহজ হৈ পৰিব বুলি মনতে আশা পুহি ৰাখিছে তেওঁলোকে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)