সূৰুযমুখীৰ স্বপ্ন- আসাদ মদনী

©Admin
0
কবি মই আজি পথহাৰা 
যেন এৰি যাম এই বসুন্ধৰা
নিৰ্লিপ্ত , দিশহাৰা পথৰ মই অধঃগামী পথচাৰী
প্ৰেমিকাৰ বিচ্ছেদত চকুলো টুকিছোঁ দিবাৰাত্ৰি। 
হিমচেঁচা দোকমোকালিতে পাহৰিব বিচাৰোঁ
আছে যত আৱেগৰ দিশহাৰা কান্দোন ,
মচিব বিচাৰোঁ নেত্ৰজলেৰে বৈ যোৱা সমুদ্ৰ...

সূৰ্য স্নানৰ সুবাস বিচাৰোঁ
ৰজনীত শশীৰ দীপ্তিৰ ধ্যানে
যন্ত্ৰণাক পৰিহাৰ কৰিছোঁ। 
নিদ্ৰান্ত চহৰৰ যন্ত্ৰণা আঁতৰাই
এটি স্বাধীন পুৱা বিচাৰোঁ। 
য'ত থাকিব কেৱল সূৰ্যৰ আলোক
হেৰাই যাব সমস্ত অন্ধকাৰ।


🔳আসাদ মদনী 
নাগাবন্দা (নগাঁও)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)