নগ্নতা-আব্দুল কাদেৰ মিঞা

©Admin
0
বস্ত্ৰ পৰিধান নকৰাৰ বাবে
আজি মই নগ্ন।
পোছাক পৰিধান কৰিছা তুমি
তথাপিও নগ্নতাত মগ্ন !
কিমান সতী নাৰী নগ্ন হ'ল
ভদ্ৰ পোছাকধাৰীৰ ওচৰত!
চাৰিবছৰীয়া শিশু য'ত হয় ধৰ্ষিতা
বিলাসিতা কৰে তাত বস্ত্ৰ পৰিধান।
মনুষ্যত্ব নগ্ন য'ত
লজ্জা নিবাৰণৰ আছে কি দাম !
নগ্ন হৈ থাকিব বিচাৰোঁ মই
নাঢাকিবা মোক পোছাকৰ অন্তৰালত
যিমান দিন চলি থাকিব 
পোছাকৰ পিছে নগ্নতা বেচা-কিনা।
উত্তৰ দিয়া - গুণী জন
উত্তৰ দিয়া আজি 
নগ্ন কোন ? 
পোছাকহীন মই নে
পোছাক পিন্ধা ভদ্ৰ সমাজ !

🅾️আব্দুল কাদেৰ মিঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)