সোঁৱৰণী-নৱজিৎ নাথ

©Admin
0
সোঁৱৰণী বোৰ ,
আকৌ উভতি অহাহেঁতেন
শৈশৱত পঢ়া সেই হালধীয়া হালধীয়া
টেবুল লেমৰ পোহৰ বোৰ , 
সমনীয়াৰ লগত লুকা-ভাকু ,
 ঢকুৱা গাড়ী খেলা 
সোনোৱালী দিন বোৰ ।  

সোঁৱৰণী বোৰ আকৌ
 উভতি অহাহেঁতেন ,
ছাৰ আৰু বাইদেউ অকৃত্ৰিম
মৰমবোৰ , 
বন্ধু আৰু বান্ধবীৰ লগত কটোৱা 
মধুৰ ক্ষণবোৰ ।‌

সোঁৱৰণী বোৰ আকৌ
উভতি অহাহেঁতেন,
চিঠি লিখা  ,মুখস্থ কৰা,
কলপাতত কৰা গৃহকৰ্ম 
সোণোৱালী দিনৰ 
মধুৰ স্মৃতি বোৰ । 

উভতি অহাহেঁতেন
স্মৃতিবোৰ আকৌ দিঠকলৈ ,
বিদায়ৰ পৰা স্বাগতমলৈ ।


🔳নৱজিৎ নাথ
ছিপাঝাৰ , দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)