আইনা- নিৰঞ্জন হাজৰিকা

0
তোৰ সন্মুখত থিয় হ'বলৈ
ভয় হয়,
জানোচা দেখা পাওঁ
মোৰ উৱলা দেহৰ ৰং।
এদিন তোৰ মুখ চাই
দেহৰ ৰং দেখি,
আনন্দত আত্মহাৰা হোৱা মইটোৱে
চাপিবলৈ ভয় কৰে তোৰ সমীপ,
হ'লেও তই মোৰ সুহৃদ
জীৱন জী থকালৈ,
তোৰ মুখ চাই
পাহৰো দুখৰ গধুৰ নিশ্বাস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)