পথৰ পথিক তেখেত- ডিম্পী বৰা

©Admin
0
হঠাতে পথৰ দাঁতিত এজন লোকক দেখা পালোঁ, তেখেত তেনেই অপৰিষ্কাৰ।আগতেও দুই এবাৰ তেখেতক সন্মুখত পাইছোঁ মই।অপৰিষ্কাৰ হৈ থকাৰ বাবে তেখেতৰ চুলি সামান্য জঁট বান্ধিছে।সাজ-পোছাক একেযোৰেই থকাৰ বাবে তেখেত কাষেৰে পাৰ হৈ গ'লে সেই মূহুৰ্তত দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰে।তেখেতৰ কান্ধত বস্তুৰে দ'ম খাই থকা মোনা এটা সদায় থাকেই।এনেহেন কৰে তেওঁ যেন মোনাটো কাহানিও নেৰিবই,মোনাটো যেন চিৰলগৰী তেখেতৰ।তেখেত দোকান এখনৰ সন্মুখৰ তিনিআলিটোত বহি আছিল,অইন দিনা তেখেতক যেতিয়া দেখোঁ তেখেত খোজকাঢ়ি ইফালৰ পৰা সিফাল কৰি ঘূৰি ফুৰে।আজি হঠাৎ তেখেতক তেনেদৰে দেখা পায় মই বহু সময় তেখেতক লক্ষ্য কৰি ৰৈ পৰিছিলোঁ সেই ঠাইত।তেখেতৰ সোঁ-ভৰিটোত কেনেবাকৈ আঘাত পাইছে,তেখেতে খোজ কাঢ়ি পাৰ হ'ব পৰা নাই।তেখেত বহি আছে দোকান এখনৰ সন্মুখত।ৰাস্তাটো চুচৰি পাৰ হ'বৰ বাবে চেষ্টা কৰিছে কিন্তু নাইপৰা।তেখেত চুচৰি ৰাস্তাটোৰ ইটো পাৰে যায় মানে কোনোবাখন গাড়ী আহি পাবহিয়েই।হয়তো তেখেতে সেইবাবে সাহস কৰিব পৰা নাই ৰাস্তাটো পাৰ হ'বৰ বাবে।দোকানখনৰ ওচৰত দুই তিনিজন মান ব্যক্তি গোট খাই আছিল,তাৰ মাজৰে কোনোবাজনে পাছফালৰ পৰাই ধমক দিয়াৰ সুৰত চিঞৰিছে-"তই যাবিনে এইখিনিৰ পৰা সোনকালে?"তেখেতে মাত্ৰ মুখৰ ভিতৰতে অস্পষ্টভাৱে হ'লেও কৈছে-"গাড়ী,গাড়ী"।মোৰ বুকুখন বিষাই গ'ল সেই মুহূৰ্তত।তেখেতে ভৰিটোত বৰ বেয়াকৈ আঘাত পাইছে।তেখেতে পাৰ হ'বলৈ চেষ্টা কৰিও নাইপৰা,ৰাস্তাটোৰ ইটো পাৰলৈ লৈ যাবলৈও তেখেতৰ কাষত কোনো নাই,তথাপি তেখেতে চুচৰি পাৰ হ'বলৈ চেষ্টা কৰিছে।সকলোৱে কয় তেখেত হেনো পাগল।তেখেতক ৰাস্তাৰ দাঁতিত তেনেদৰে দেখা পাই মোৰ মনত বহু কথাই খুন্দিয়াই গ'ল সেই সময়খিনিত।আচৰিত!তেখেতক যদিও মানুহে পাগল বুলি কয় তথাপি ৰাস্তাটো পাৰ হোৱাৰ সময়ত তেখেতৰ যি সুস্থিৰতা সেই দেখি মই সঁচাই আচৰিত হ'লো।তেওঁ যেনেকে তেনেকে ৰাস্তাটো পাৰ হৈ যাব পাৰিলহেতেঁন কিন্তু পাগল নামেৰে পৰিচয় হ'লেও তেখেতো এজন মানুহ।জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ তেখেতৰো আছে।সেইবাবেহে তেওঁ ভৰিত আঘাত পোৱাৰ পাছতো খোজকাঢ়ি ভালদৰে যাব নোৱাৰিলেও চুচৰি যাবলৈকে আপ্ৰাণ চেষ্টা কৰিছে।মানুহৰ নিজৰ জীৱনটোৰ প্ৰতি কিমান যে হাবিয়াস!সেই ৰাস্তাৰ অলিয়ে-গলিয়ে ঘূৰি ফুৰা মানুহজনৰ জীৱনটোত নো কি আছে?তেখেতক সকলোৱে পাগল বুলিয়ে কয়,ক'ত কেনেদৰে খাবলৈ পায়,শুবলৈ পায় কোনো ঠিকনা নাই,দুৰ্গন্ধময় গা-টোৰে য'তেই বহে তাৰ পৰাই খেদা খায়,কোনো স্থিৰতা নাই।গতিকে তেওঁ ৰাস্তাটো পাৰ হওঁতে একো নভবাকৈয়ে পাৰ হৈ যাব পাৰিলহেতেঁন।মানসিকভাৱে অস্থিৰ হ'লেও সকলোৰে দৰে তেখেতৰো কোনোবাখিনিত মৃত্যুলৈ ভয় আছে অৰ্থাৎ তেখেত যিদৰেই জীয়াই নাথাকক জীয়াই থকাৰ হেঁপাহ তেখেতৰো আছে।এয়াই আমাৰ মানুহৰ জীৱন।তেখেতক দেখি তাৎক্ষণিকতে মই বৰ ডাঙৰ উপলদ্ধি এটা কৰিলোঁ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)