সময়ৰ সোঁতত ধৰ্মনীতি- বসন্ত ওজা

©Admin
0
জগত গুৰু শ্ৰীমন্ত
শংকৰ গুৰু জনাই
ধৰাত ধৰম এৰি থৈ গ'ল।
উচ্চ নীচ্চ জাতিভেদ
পৰিহাৰৰ নীতি নিয়ম
সেইয়া জানো সমাজত ৰ'ল??
কুকুৰ শৃগাল জীৱ
ধৰাৰ মাজে আছে য'ত
মানিবা সকলোকে সম কৰি।
মুখে ল'বা হৰিনাম
কৰি গুৰুক প্ৰণাম
অহিংসাৰ চৰণত পৰি।
তাৰ বিপৰীতে দেখোঁ
কত হিংসা প্ৰতাৰণা
নেতৃত্বৰ খোৱা কামোৰা লৈ।
নিজৰ মাজতে নিজেই
বিভেদ সৃষ্টি কৰে
সমাজত ভাগ ভাগ হৈ।
কোনোবাই লিখে নাম
শংকৰ সমাজ বুলি
কোনোবাই কয় শংকৰ সংঘ আমি।
কোনোবাই বৈদিকতাৰে
যাগ্‌ যজ্ঞ মন্ত্ৰেৰে
থাকিল ধৰ্মৰ নীতি ধৰি।
কীৰ্ত্তন দশম গুণমালা
নানা গ্ৰন্থ পঢ়ি পালোঁ
গুৰুৰ ধৰমত উচ্চ নীচ্চ নাই।
ঘোৰ কলিৰ কালে
যতলোক উপজিল
নানান ৰীতি নীতি উলিয়াই।
তাৰ পৰিণতি দেখোঁ
ধৰমৰ সমাজত আজি
কতনো বাদ প্ৰতিবাদ।
বিচাৰা যদি সুনাম
নাই একো সমিধান 
মাথোঁ পাবা বিভেদৰ বাদ।
আমি বোলে মাহেকীয়া
আমি বোলে পষেকীয়া
আমি মুণ্ডণৰ মুঢ়মতি।
এনেকৈয়ে সমাজত
অৰাজকতাৰ জৰী বটি
বসুধাৰ কৰে লটিঘটি।
শংকৰ মাধৱ দুয়োজনাই
ধৰ্ম প্ৰচাৰ কৰিছিল
য'ত কোনো নাই সৰু বৰ।
আজিৰ ধৰ্ম প্ৰচাৰকৰ
নীতি নিৰ্দেশনা দেখি
সমাজৰ প্ৰজাৰ উঠে জ্বৰ।
শাস্ত্ৰটো আছে লয় 
কলিৰ শেষত মিলিব প্ৰলয়
হ'ব কল্কিৰ অৱতাৰ।
অধৰ্মৰ প্ৰাদুৰ্ভাৱত
পৰমব্ৰহ্ম পৰমেশ্বৰে
চিন্তিব নেকি মহা সংহাৰ??

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)