মাতৃভাষা মাধ্যমত শিক্ষা দিয়াটো খুবেই প্ৰয়োজন-মুন শৰ্মা

©Admin
0
সাম্প্ৰতিক অসমত প্ৰায়েই আলোচনা হৈ থকা এষাৰ কথা হ'ল অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি আমাৰ অভিভাৱকৰ অনীহা। অৰ্থাৎ মাতৃভাষা প্ৰতি কৰি চৰম অৱহেলা। কিন্তু কিয়! কাৰণ বিচাৰিলে বহু খিনি কাৰক ওলাই আহিব।তাৰে ভিতৰত অন্যতম   এটা কৰক হল আমাৰ অভিভাৱক সকলৰ  ইংৰাজী মাধ্যমৰ শিক্ষা ব্যৱস্থা প্ৰতি প্ৰৱল ভাবে আকৰ্ষিত। এই বাবেই আকৰ্ষিত যে তেওঁলোকৰ মনত বৰ্তমান সময়ত এনে  ধাৰণাই বাহ সাজিলে যে আমাৰ শিশু অৰ্থাৎ সন্তান সকল  ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়িলেহে ভৱিষ্যত জীৱনত  উন্নতি পথত আগবাঢ়িব পাৰিব,অসমীয়া মাধ্যমৰ দ্বাৰা  ই অসম্ভৱ। যিটো এটা  সম্পূৰ্ণ ভুল ধাৰণা। পৃথিৱী বিভিন্ন প্ৰান্তত আজি লৈকে যিমানবোৰ উচ্চ স্তৰৰ শিক্ষা বিষয়ত আলোচনা চক্ৰ পতা হৈছে, তাত কোনো দিনেই কোৱা হোৱা নাই যে আমাৰ সন্তান সকলক মাতৃভাষাত শিক্ষা দিলে আধুনিক প্ৰতিযোগিতা বৰ পৃথিৱী খনত  তিষ্ঠি থাকিব নোৱাৰিব।বিপৰীতে সৰ্বজনস্বীকৃত ভাবে এইটো হে কৈছে যে  শিশুৰ শিক্ষাৰ মাধ্যম মাতৃভাষাৰেহে হোৱা উচিত।
      সাধাৰণ ভাবে যদি আমি ক'ব খোজো মাতৃভাষা মানে হ'ল এটা শিশু জন্মৰ পাছত সৰ্ব প্ৰথমে উচ্চাৰণ কৰা ভাষাতোক বুজায়।সেয়েহে যিটো ভাষা আয়ত্ত কৰি নিজৰ ভাব প্ৰকাশ কৰে,আনক অনুকৰণ কৰে,কল্পনাবিলাসী হৈ উঠে, পৃথিৱীৰ খনৰ প্ৰতিটো অংশ চিনি পাবলৈ শিকে সেইটো ভাষাৰে শিক্ষা জীৱন আৰম্ভণি কৰিব দিয়াটো বৰ সিহঁতৰ  খুব প্ৰয়োজন। আমাৰ সন্তানবোৰক  প্ৰাক- প্ৰাথমিক আৰু প্ৰাথমিক শিক্ষা মাতৃভাষাৰে দিয়া উচিত। ইয়াতে শেষ নহৈ মাধ্যমিক পৰ্যন্ত যদি মাতৃভাষাত শিক্ষা দিব পাৰো সিহঁতৰ বাবে আৰু মঙ্গলহে হ'ব।
       মাতৃভাষাৰে দিয়া শিক্ষা এনে এটা মাধ্যম  যাৰ দ্বাৰা তেওঁলোকে মাতৃৰ সমীপত যেন অনুভৱ কৰে। যিয়েই  তেঁওলোকৰ শিক্ষা আৰু শিক্ষন  ওচৰ চপাই আনে।যিটো ইংৰাজিকে ধৰি অন্য বিদেশী কোনো ভাষাৰে দিয়া শিক্ষাত সম্ভৱ নহয়। বিভিন্ন  সমীক্ষাৰ অধ্যয়ন আৰু গৱেষণাত প্ৰকাশ পাইছে যে মাতৃভাষা মাধ্যমত শিক্ষা লাভ কৰা সকলেহে অন্য ভাষাৰ শিক্ষণ প্ৰশিক্ষণ সুন্দৰ আৰু সহজে আয়ত্ত কৰিব পাৰিছে। অন্যহাতে এই মাধ্যমৰ শিক্ষাৰ দ্বাৰা আমাৰ মনত  জাতীয় চেতনা  সৃষ্টি হয়।যিটো এজন মানুহৰ বাবে খুবেই দৰকাৰী। কিন্ত অন্য বিদেশী ভাষাৰ মাধ্যমেৰে ই কেতিয়াও সৃষ্টি নহয়,মাত্ৰ দাসত্ব মানসিকতা হে সৃষ্টি হয়।
       সেয়ে আহক চোন আমি সকলোৱে মিলি আমাৰ মনৰ পৰা মাতৃভাষা মাধ্যমৰ প্ৰতি থকা ভুল ধাৰণা আঁতৰাই, ক্রমে  ক্ৰমে আমাৰ মাজত এলাগী হ'ব ধৰা মাতৃভাষাৰ শিক্ষা মাধ্যমত আমাৰ সন্তানক পুনৰ পঢ়োৱা মানসিকতা গঢ়ি তুলি শিশু সকলক  উন্নতিৰ প্ৰকৃত ৰাস্তা দেখুৱাও যাৰ দ্বাৰাই সৃষ্টি হওঁক  ভৱিষ্যতে সু- নাগৰিক কিয়নো আজিৰ শিশু কালিলৈ আমাৰ দেশৰ ভবিষ্যত নহয় জানো।

            🔳 মুন শৰ্মা,লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)